বৰঙাজুলি সত্ৰ জাতি-জনগোষ্ঠীৰ মিলন ভূমি লৈ পৰিণত,বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ লৈ মধুপুৰ সত্ৰৰ আদৰণি

a8026b7f 65b8 42ee b04c 753f766fa6fe

ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত বৰঙাজুলি সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বাপৰ স্থলাভিষিক্ত হ’ব লগা বড়ো জনগোষ্ঠীৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰী নিৰঞ্জন বড়োক উত্তৰ বংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

মধুপুৰ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাস ,উপ-সভাপতি শ্ৰী বনমালী পাঠক আৰু প্ৰচাৰ সম্পাদক শ্ৰী যুগান্ত বায়নে প্ৰকাশ কৰা এটা অভিনন্দন বাৰ্তাত কয় যে, সকলো জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ বাৰ্তাৰে আগুৱাই যোৱা শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ বৈষ্ণৱ ধৰ্মৰ মূল আধাৰ তথা বাৰ্তাক বাস্তৱ ৰূপ দিয়াৰ বাবে বৰঙাজুলি সত্ৰই লোৱা এই ঐতিহাসিক সিদ্ধান্তই বৃহত্তৰ অসমীয়া জাতি গঠনত এক সুদূৰ প্ৰসাৰি প্ৰভাৱ পেলাব।

১৯৫৩ চনত ভাৰত ভূটান সীমান্তৰ জনজাতীয় বসতিপূৰ্ণ এলেকাত ২৯ বছৰীয়া চফল ডেকা হৰেকৃষ্ণ মহন্ত বাপে বৰঙাজুলিত এই সত্ৰখন স্থাপন কৰিছিল। নানা বাধা-বিঘিনী, আৰ্থিক দৈন্যতাক অতিক্ৰম কৰি মহন্ত বাপে প্ৰতিষ্ঠা কৰা এই বৰঙাজুলি সত্ৰ লৈ ১৯৭৯ চনত সেই গাঁৱৰে চম্বাৰাম বড়োক প্ৰথমতে শৰণ দিয়ে আৰু পৰৱৰ্তী কালত চম্বাৰাম বড়োৰ নিজৰ ছয় বসৰীয় সন্তান স্ৰী নিৰঞ্জন বড়োক সত্ৰৰ কাম-কাজ কৰাৰ বাবে মহন্ত বাপৰ হাতত গতাই দিয়ে।

তেতিয়াৰ পৰাই মহন্ত বাপৰ লগত দুকুৰি বছৰে ছাৰ দৰে লাগি থাকি আজি সত্ৰাধিকাৰৰ দৰে সন্মানীয় আসনত বহিবলৈ আগবাঢ়িছে। এনে বিৰল দৃষ্টান্তই অসমৰ সমাজ জীৱনৰ লগতে নতুন প্ৰজন্মক সমন্বয়ৰ সোণসেৰীয়া বাটেৰে আগবঢ়াৰ ক্ষেত্ৰত অৰিহনা যোগাব বুলি মধুপুৰ সত্ৰ সমিতিয়ে আশা প্ৰকাশ কৰাৰ লগতে মহন্ত আতাৰ আদৰ্শৰে সত্ৰখনক মহিয়ান কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।

Exit mobile version