প্ৰযুক্তিগত বিসংগতিৰ বাবে কৃত্ৰিম উপগ্ৰহ কক্ষপথত প্ৰেৰণ কৰাত অসফল ইছৰ’

e8dpp vveaagy4p 1200

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ হৈছিল নিৰ্দিষ্ট সময়তে, কিন্তু লক্ষ্য সফল নহ’ল । যান্ত্ৰিক সমস্যাৰ বাবে আকাংক্ষিত কক্ষপথত গৈ নাপায় ইছৰ’ৰ কৃত্ৰিম উপগ্ৰহ । বৃহস্পতিবাৰে পুৱা টুইট কৰি এই কথা জনাইছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই ।

বৃহস্পতিবাৰে পুৱা ৫.৪৩ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন স্পেছ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হয় ইউএছ-০৩ নামৰ এটা উপগ্ৰহ । জিএছ‌এলভি-এফ১০ ৰকেটৰ মাধ্যমত এই উপগ্ৰহক পৃথিৱীৰ কক্ষপথত স্থাপন কৰাৰ লক্ষ্য আছিল ইছৰ’ৰ । সেই মতে, সতীশ ধৱন স্পেছ চেণ্টাৰৰ পৰা সফলভাৱে উৎক্ষেপিত হৈছিল এই ‘আৰ্থ অবজাৰভেছন ছেটেলাইট’ । টুইট কৰি এই কথা জনাইছিল ইছৰ’ই ।

কিন্তু উৎক্ষেপণৰ কেইঘন্টামানৰ পাছতে পুনৰ এটা টুইট কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই । সেই টুইটত জনোৱা হয়, ‘উৎক্ষেপণৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত স্বাভাৱিক থাকিলেও, ক্ৰায়োজনিক পৰ্যায়ত উপস্থাপন নহয় এই উপগ্ৰহ । ইয়াৰ আগতেই যান্তিক বিসংগতি ঘটে । ফলত অভিযানটো সম্পূৰ্ণ নহয় ।’ অৰ্থাৎ ইছৰ’ৰ পৰিকল্পনা অনুসৰি আকাংক্ষিত জিঅ’ছিংক্ৰনাছ ট্ৰান্সফাৰ কক্ষপথত উপস্থাপন নহয় উপগ্ৰহটো ।

মূলতঃ পৃথিৱীৰ বতৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত দৃষ্টি ৰাখিবৰ বাবেই এই উপগ্ৰহক কক্ষপথত স্থাপন কৰাৰ চেষ্টা কৰা হৈছিল । ঘূৰ্ণিবতাহ, ছুনামী, বানৰ দৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী অধিক সঠিকভাৱে পাবৰ বাবে প্ৰেৰণ কৰা হৈছিল কৃত্ৰিম উপগ্ৰহটো ।

Exit mobile version