অসমত থাকিব নে মেঘালয়ত ? প্ৰশ্ন গাঁওবাসীক

Villager in Border Assam Meghalaya 1024x681 1

মিজোৰামৰ সমান্তৰালকৈ মেঘালয়ৰ লগতো আন্তঃৰাজ্যিক সীমান্তক লৈ অসমৰ তিক্ততা বৃদ্ধি হোৱাৰ সময়তে পৰিস্থিতি স্বাভাৱিক ৰাখিবলৈ শেহতীয়াভাৱে দুই ৰাজ্যই মুখ্যমন্ত্ৰী পৰ্যায়ত উদ্যোগ গ্ৰহণ কৰিছে । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘায়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত বিষয়টোক লৈ দুলানি আলোচনা ইতিমধ্যে সম্পন্ন হৈছে ।

এই আলোচনাৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ দুখনৰ মাজত ১২টা স্থানত থকা সীমা বিবাদৰ প্ৰথম পৰ্যায়ত ছটাৰ মীমাংসা এমাহৰ ভিতৰত সম্পন্ন কৰিবলৈ উচ্চ পৰ্যায়ৰ যৌথ সমিতি গঠনৰ তৎপৰতা অব্যাহত আছে । তেতিয়ালৈকে সীমান্তত দুয়োখন ৰাজ্যই স্থিতাৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণৰ মাজতে আগ্ৰাসনৰ নতুন কৌশল পোহৰলৈ আহিছে ।

দুই ৰাজ্যৰ উচ্চ পৰ্যায়ৰ সমিতিয়ে সীমান্ত অঞ্চলত উপস্থিত হৈ সীমা সমস্যাৰ সমাধানৰ পূৰ্বে মেঘালয়ে অসমৰ ৰাজহ গাঁৱৰ লোকৰ মানসিতাৰ পৰিৱৰ্তন কৰি আগ্ৰাসনৰ নতুন কৌশল গ্ৰহণ কৰিছে । বকো আৰু ছয়গাঁও সমষ্টিৰ লগত থকা মেঘালয়ৰ সীমান্তৰ অসমৰ ২৫ খন গাঁৱক লৈ এই কৌশল লৈছে ৰাজ্যখনে । অসমৰ দুহেজাৰৰো অধিক বাসিন্দাক তাৰ বাবে মেঘালয়ে শিখণ্ডিৰূপে ব্যৱহাৰ কৰিছে ।

উল্লেখ্য যে সীমান্ত অঞ্চলৰ লোকসকলৰ বেছিভাগৰে সাধাৰণতে দুয়োখন ৰাজ্যৰ চৰকাৰী নথিপত্ৰ থাকে । চৰকাৰী সা-সুবিধাৰ বাবে এনে অঞ্চলত বাস কৰা আৰ্থিকভাৱে পিছ পৰা লোকসকলৰ বেছিভাগৰে সাধাৰণতে দুয়োখন ৰাজ্যৰ চৰকাৰী নথিপত্ৰ থাকে । চৰকাৰী সা-সুবিধাৰ বাবে এনে অঞ্চলত বাস কৰা আৰ্থিকভাৱে পিছ পৰা লোকসকলৰ একাংশই নিজে চুবুৰীয়া ৰাজ্যৰ নথিপত্ৰ সংগ্ৰহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া । বহু সময়ত দালালেও তেনে লোকসকলক সেই ধৰণৰ নথিপত্ৰ যোগান ধৰে ।

সেই সুযোগ লৈ উচ্চ পৰ্যায়ৰ সমিতিৰ সীমান্ত অঞ্চল ভ্ৰমণৰ পূৰ্বে মেঘালয়ে গাঁওসমূহৰ সেইসকল লোকক লৈ কালিৰ পৰা শুনানি গ্ৰহণ আৰম্ভ কৰিছে । প্ৰধানকৈ গাৰো সম্প্ৰদায়ৰ লোক তথা গাঁওবোৰৰ লোকসকলক মেঘালয়ৰ নথিপত্ৰসহ ৰাজ্যখনৰ সীমাৰ ভিতৰত স্থাপন কৰা বিভিন্ন শুনানি কেন্দ্ৰলৈ মাতি পঠোৱা হৈছে । তাত লোকসকলক সুধিবলগীয়া অন্যতম প্ৰশ্নটো হ’ল যে অসমৰ ৰাজহ গাঁৱত বাস কৰিলেও তেওঁলোক ভৱিষ্যতে অসম নে মেঘালয়ৰ লগত থাকিব ? ইয়াৰ ওপৰতে বৃহৎ অঞ্চলটোৰ অসমৰ সীমাৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে । কালি বকোৰ বিধায়িকা নন্দিতা দাসে এই তথ্য প্ৰকাশ কৰে ।

উল্লেখ্য যে অসমে সীমান্ত অঞ্চল উন্নয়নত চূড়ান্ত হেমাহি কৰাৰ বিপৰীতে মেঘালয়, মিজোৰাম আদি ৰাজ্য‌ই একেবাৰে সীমালৈকে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিছে । সীমান্ত অঞ্চললৈ নিজৰ ৰাজ্যৰ সীমাৰ ভিতৰত চুবুৰীয়া ৰাজ্যকেইখনে পকীপথ নিৰ্মাণ, শিক্ষানুষ্ঠান-চিকিৎসালয় স্থাপন, পানীযোগান, সীমান্তৰ আৰ্থিকভাৱে পিছ পৰা লোকক চৰকাৰী গৃহ প্ৰদান আদিৰে আন্তঃগাথঁনি গঢ়ি তুলিছে । এনে আঁচনিবোৰত সামৰি লোৱাৰ প্ৰলোভন অসমৰ দুৰ্বলতাৰ সুযোগ লৈ ইয়াৰ সীমান্ত অঞ্চলৰ বাসিন্দাকো চুবুৰীয়া ৰাজ্য‌ই দিয়া বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।

অসম আৰু মেঘালয় চৰকাৰৰ যৌথ উচ্চ পৰ্যায়ৰ সমিতিয়ে বিবদমান সীমান্ত অঞ্চলত উপস্থিত হৈ ঠাইতে বিবাদ নিষ্পত্তিৰ চেষ্টা চলাব । তাৰ বাবে যিকেইটা দিশত গুৰুত্ব আৰোপ কৰা হ’ব তাৰ এটা অন্যতম হ’ল বিবদমান অঞ্চলৰ বাসিন্দাৰ মতামত । তেওঁলোকেনো কোনখন ৰাজ্যৰ লগত থাকিব বিচাৰে সেই মতামত সমিতিয়ে গ্ৰহণ কৰিব । চৰ্চা অনুসৰি সমিতিৰ ভ্ৰমণৰ পূৰ্বে মেঘালয়ে নিজৰ বুলি দাবী কৰি অহা অসমৰ ভূমিৰ সেইসকল বাসিন্দাৰ মতামত নিশ্চিত কৰিব বিচাৰিছে ।

মেঘালয়ৰ সা-সুবিধাও সময়ে সময়ে ভোগ কৰি থকা লোকসকলে মেঘালয় চৰকাৰে আহ্বান কৰা শুনানিত সেইখন ৰাজ্যৰ পক্ষে স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনাই স্বাভাৱিকভাৱে অধিক ইয়াৰ ফলত উচ্চ পৰ্যায়ৰ সমিতিয়ে অসমৰ ৰাজহ গাঁওকেইখনক অসমতে ৰখাৰ সিদ্ধান্ত গ্ৰহণত জটিলতাৰ সন্মুখীন হ’ব । এয়া মেঘালয়ৰ আগ্ৰাসনৰ নতুন কৌশল বুলি মন্তব্য কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ।

তেওঁ কয়, ‘সীমান্তত স্থিতাৱস্থা বাহাল ৰখা আৰু সীমা সমস্যাৰ সমাধানৰ বাবে মেঘালয়ে ৰাজহুৱাভাৱে যি শুভবাৰ্তা অসমক দিছে তাৰ বিপৰীত পদক্ষেপ ভিতৰুৱাকৈ ৰাজ্যখনে গ্ৰহণ কৰিছে । অসমৰ ৰাজহ গাঁওখনৰ বাসিন্দাসকলে যদি মেঘালয়ৰ লগত থাকিব বুলি কয় তেনেহ’লে ৰাজ্যখনৰ সীমা অসমৰ বৰ্তমানৰ সীমাৰ ভিতৰলৈ সোমাই অহাটো নিশ্চিত । কাৰণ সেই গাঁওবোৰ মেঘালয়ত সোমোৱাৰ লগে লগে সীমাৰ নক্সাও সলনি হ’ব ।’

উল্লেখ্য যে কালি অসম বিধানসভাত বিধায়িকা দাসে বিষয়টো দৃষ্টি আকৰ্ষণৰ বাবে দাঙি ধৰে ।

Exit mobile version