চুক্তিবদ্ধ হ’ল টেলিকম সেৱাৰ দুই মহাৰথী, এয়াৰটেলৰ আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম ক্ৰয় কৰিলে জিঅ’ই

thequint 2017 05 fbcd5b3e 1d32 4ab3 91d2 a55f9952ec0f jio airtel

টেলিকম পৰিসেৱাক জনসাধাৰণৰ বাবে সহজলভ্য কৰিবলৈ হাত মিলালে দুই মহাৰথী প্ৰতিদ্বন্দীয়ে । মুকেশ অম্বানিৰ ৰিলায়েন্স জিঅ’ ইনফ’কমক আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম বিক্ৰী কৰিলে সুনিল ভাৰতী মিত্তলৰ এয়াৰটেল গ্ৰুপে ।

ফলত অন্ধ্ৰপ্ৰদেশ, দিল্লী আৰু মুম্বাইত এয়াৰটেলৰ আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথ ব্যৱহাৰ কৰি টেলিকম সেৱা দিব পাৰিব ৰিলায়েন্স জিঅ’ই । টেলিকম পৰিসেৱাৰ গ্ৰাহক সংখ্যাৰ নিৰিখত ভাৰতত প্ৰথম স্থানৰ সংস্থা জিঅ’ৰ স’তে এয়ে প্ৰথম কোনো বাণিজ্যিক চুক্তি হ’ল দ্বিতীয় স্থানত থকা এয়াৰটেলৰ ।

দিল্লী আৰু মুম্বাইৰ ষ্টক এক্সেঞ্জত বিষয়টো নথিভুক্ত কৰাৰ সময়ত শুকুৰবাৰে এয়াৰটেলৰ তৰফৰ পৰা কোৱা হয়, অন্ধ্ৰপ্ৰদেশ, দিল্লী আৰু মুম্বাই এই তিনিটা চাৰ্কলত ব্যৱহাৰ আৰু ৰক্ষণাবেক্ষণৰ বাবে সংস্থাৰ আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম ৰিলায়েন্স জিঅ’ক এহেজাৰ চাৰিশ কোটি ৮০ লাখ টকাত বিক্ৰী কৰা হৈছে । তদুপৰি, আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম ৰক্ষণাবেক্ষণৰ বাবে আৰু ৪৬৯ কোটি ৩০ লাখ টকা ব্যয় কৰিবলৈ প্ৰস্তুত জিঅ’ । এই মৰ্মে শুকুৰবাৰেই চূড়ান্ত চুক্তি স্বাক্ষৰিত হৈছে ।

চলিত বৰ্ষৰ আৰম্ভণিতে আঠশ মেগাহাৰ্টজৰ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম বিক্ৰীৰ বাবে জিঅ’ৰ স’তে এক চুক্তি হৈছিল এয়াৰটেলৰ । কিন্তু সেই সময়ত এয়াৰটেলে অন্ধ্ৰপ্ৰদেশৰ বাবে ৩.৭৫ মেগাহাৰ্টজ, দিল্লীৰ বাবে ১.২৫ মেগাহাৰ্টজ আৰু মুম্বাইৰ বাবে ২.৫ মেগাহাৰ্টজ বেণ্ড‌্‌উইথৰ স্পেক্‌ট্ৰাম বিক্ৰী কৰিবলৈ সন্মতি জনাইছিল ।

Exit mobile version