জনীয়াত বেঁকী নৈৰ খহনীয়াৰ ৰুদ্ৰমূৰ্তি, নৈত জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি, ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান

খহনীয়াৰ ভয়ত গাঁওবাসীয়ে ঢাপলি মেলিছে নিৰাপদ স্থানলৈ, বেঁকী দলং-বিকল্প ৰাজ্যিক ঘাইপথ-মথাউৰি লৈ তীব্ৰ ভাবুকি

জনীয়া সমষ্টিৰ শওঁপুৰ, সুতিৰপাথাৰ আৰু আমগুৰি গাঁৱত বেঁকী নৈৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে । যোৱা দুটা সপ্তাহত অঞ্চলটোৰ শ শ পৰিয়ালৰ ভেটি-মাটি, ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান, খেতি-পথাৰ আদি নৈৰ বুকুত জাহ গৈছে ।

বেঁকী নদীৰ ওপৰত থকি দলং আৰু বিকল্প ৰাজ্যিক ঘাইপথৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । ইতিমধ্যে জিলা প্ৰশাসন, স্থানীয় বিধায়ক আৰু বৰপেটাৰ সাংসদক গৰাখহনীয়া সন্দৰ্ভত অৱগত কৰা হৈছে যদিও ইয়াৰ কোনো ইতিবাচক সঁহাৰি নোপোৱাত ৰাইজ চিন্তিত হৈ পৰিছে ।

খহনীয়াৰ ভয়ত নৈৰ পাৰে পাৰে থকা পৰিয়ালসমূহ নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে গতি কৰিছে । এই ক্ষেত্ৰত খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ দৃষ্টি গোচৰ কামনা কৰিছে খহনীয়াগ্ৰস্ত পৰিয়ালৰ লোকসকলে ।

Exit mobile version