জনীয়াত বেঁকী নৈৰ খহনীয়াৰ ৰুদ্ৰমূৰ্তি ,নৈত জাহ গল শ শ পৰিয়ালৰ ভেটি মাটি, ৰাস্তা ঘাট, শিক্ষানুষ্ঠান

জনীয়া সমষ্টিৰ শওঁওপুৰ, সুতিৰপাথাৰ আৰু আমগুৰি গাৱত বেঁকী নৈৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। যোৱা দুটা সপ্তাহত অঞ্চলটোৰ শ শ পৰিয়ালৰ ভেটি মাটি, ৰাস্তা ঘাট, শিক্ষানুষ্ঠান, খেতি পথাৰ আদি নৈৰ বুকুত জাহ গৈছে।

বেঁকী নদীৰ ওপৰত থকি দলং আৰু বিকল্প ৰাজ্যিক ঘাইপথৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ইতিমধ্যে জিলা প্ৰশাসন, স্থানীয় বিধায়ক আৰু বৰপেটাৰ সাংসদক গৰাখহনীয়া সন্দৰ্ভত অৱগত কৰা হৈছে যদিও ইয়াৰ কোনো ইতিবাচক সহাৰি নোপোৱাত ৰাইজ চিন্তিত হৈ পৰিছে।

খহনীয়াৰ ভয়ত নৈৰ পাৰে পাৰে থকা পৰিয়াল সমূহ নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে গতি কৰিছে। এইক্ষেত্ৰত খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ দৃষ্টিগোচৰ কামনা কৰিছে খহনীয়াগ্ৰস্ত পৰিয়ালৰ লোক সকলে ।

Exit mobile version