হাৰ্ট এটেক্ট হোৱাৰ এক মাহ আগেই জনাই ফিয়ে শৰীৰে, কি এই উপসর্গসমূহ মন কৰক

2022560

উচ্চ ৰক্তচাপ বা উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ থকা বা মেদবহুলতা থকা লোকসকলৰ ইতিমধ্যে হৃদৰোগৰ আশংকা অধিক। যিকোনো বয়সতে, যিকোনো সময়তে হৃদ ৰোগত আক্রান্ত হ’ব পাৰে। বহুলোকে ভাবে যে ল’ৰাসকলৰ হৃদ ৰোগৰ প্ৰৱণতা বেছি কিন্তু তেনে নহয় ছোৱালীৰ ক্ষেত্ৰতো বিপদাশংকা আছে।

কিন্তু যদি হৃদযন্ত্ৰত কোনো জটিলতা থাকে, শৰীৰে আগতীয়াকৈ ইংগিত দিয়ে। জানি লওক ইয়াৰ লক্ষণবোৰ

★যদি উশাহ নিশাহ লোৱাত অসুবিধা হয়, হৃদযন্ত্ৰৰ আক্ৰান্তৰ সম্ভাৱনা থাকে। যদি আপোনাৰ উশাহ লোৱাত অসুবিধা হয় তেন্তে লগে লগে আপুনি চিকিৎসকৰ পৰামৰ্শ লওঁক। হৃদযন্ত্ৰৰ কিছু সমস্যা হ’ল হাওঁফাওঁত অক্সিজেন কম পায়। গতিকে এই লক্ষণ দেখা দিব পাৰে।

★কোনো কাৰণ নোহোৱাকৈ ঘাম ওলাইছে নেকি? একেৰাহে হামিয়াই আছে নেকি? তেতিয়া হলে চিন্তাৰ কাৰণ আছে। যদি শৰীৰত ৰক্ত সঞ্চালন সঠিক নহয়, অঙ্গবোৰে সঠিকভাৱে অক্সিজেন নাপায়। তেনেহলে এনে হয় ।

★ যদি মাজৰাতি হঠাতে শুৱাৰ পৰা উঠি যথেষ্ট ঘাম ওলোৱা দেখা পায়, তেতিয়া হলে উপেক্ষা নকৰিব।

★ যদি আপুনি বুকুৰ বিষ বা চাপৰ দৰে অনুভৱ কৰে, আপুনি চিকিৎসকক জনাব ।

★ ছোৱালীৰ বাবে কিছুমান লক্ষণ পৃথক। বুকুৰ বিষ, ঘাম ওলোৱাৰ উপৰিও, পেটৰ অস্বস্তি , পিঠিৰ বিষৰ দৰে আন কিছুমান লক্ষণো থাকিব পাৰে।

Exit mobile version