গোসাঁইগাঁৱত ৭৫ তম স্বাধীনতা দিৱস পালন

Screenshot 69 1

সমগ্ৰ দেশৰ লগতে আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাতো দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।

গোসাঁইগাঁও মহকুমা প্ৰশাসনে আয়োজন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাই।

পতাকা উত্তোলন পাছত আৰক্ষী, এন চি চি আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে কুচকাৱাজ কৰি অভিবাদন জ্ঞাপন কৰে।

ইয়াৰ পাছত মহকুমা প্ৰশাসনে বিভিন্ন উন্নয়নৰ খতিয়ান দাঙি ধৰি ভাষণ আগবঢ়ায় ।স্থানীয় কলা কুশলী সকলে দেশাত্ববোধক সংগীত নৃত্য প্ৰদৰ্শন কৰি ৰাইজক মোহিত কৰি তোলে।

অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰাক্তন সদস্য কে ধৰি মহকুমাটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Exit mobile version