ধুবুৰীত স্বাধীনতা দিৱস উদযাপন

indian independence 640x514 2

ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস ক’ভিড বিধি মানি উদযাপন কৰা হয় ৷

জিলা উপাযুক্ত অন্বামুথন এম পিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷ তেওঁ দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া জাতীয় বীৰসকললৈ শ্ৰদ্ধা নিবেদন কৰে ৷

উপাযুক্তগৰাকীয়ে জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰ স’তে আৰক্ষী বাহিনীৰ অভিবাদন গ্ৰহণ কৰে৷ ধুবুৰীবাসীক উদ্দেশ্যি দিয়া ভাষণত জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ক’ভিডৰ ৰোগৰ বিৰুদ্ধে কৰা যুদ্ধত সকলোৱে কৰা সহযোগিতাৰ বাবে ধন্যবাদ জনায় ৷

চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু আশাসকলৰ নিৰন্তৰ প্ৰয়াসৰ সলাগ লয়৷ উপায়ুক্তগৰাকীয়ে জিলাখনত জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান, লোকনিৰ্মাণ, কৃষি, পশুপালন, মীন, বন আদি বিভাগবোৰে কৰি থকা কামৰ খতিয়ান দাঙি ধৰে ৷

অনুষ্ঠানত দেশৰ বাবে ছহিদ হোৱা বীৰ জোৱান ধুবুৰীৰ হৰধন ৰয়ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়৷ কামত পাৰদৰ্শিতা দেখুওৱা আশা কৰ্মী, চিকিৎসকক পুৰস্কৃত কৰা হয় ৷

স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ বিজয়ীসকলকো আজি পুৰস্কৃত কৰা হয় ৷

Exit mobile version