কলগাছিয়াত মহকুমা ভিত্তিত ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন

প্ৰায় দুশ বছৰ কাল ব্ৰিটিছ শাসকৰ শোষণ আৰু দমনমূলক শাসনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীয়ে কৰা দীৰ্ঘদিনীয়া আন্দোলনৰ ফলস্বৰূপে ১৯৪৭ৰ ১৫ আগষ্টত দেশবাসীয়ে লাভ কৰিছিল স্বাধীনতা । স্বাধীনতা প্ৰাপ্তিৰ আনন্দত দেশবাসী আনন্দত উল্লাসিত হৈ পৰিছিল । সকলোৰে আশা আছিল এখন বৃহত্তম গণতান্ত্ৰিক দেশীয় চৰকাৰৰ শাসনত দেশৰ প্ৰত্যেক শ্ৰেণীৰ জনসাধাৰণে সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক আদি দিশত দোপতদোপে আগুৱাই যাব । এই উদ্দেশ্য আগত ৰাখি অইন অইন বছৰৰ দৰে এই বেলিও সমগ্ৰ দেশৰ লগতে জনীয়া সমষ্টিৰ কলগাছিয়াতো মহকুমা ভিত্তিত ৭৫ সংখ্যক স্বাধীনতা দিৱস ক’ভিড প্ৰ’ট’কল মানি উদযাপন কৰা হয় ।

কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এনচিচিৰ কেডাৰসকলে বিভিন্ন কুচ-কাৱাজেৰে অতি আকৰ্ষণীয়কৈ পেৰেড অনুষ্ঠান চলায় । স্বাধীনতা দিৱস উপলক্ষে কলগাছিয়া ৰাজহুৱা খেল পথাৰত পুৱা ন বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা আৰু স্বাধীনতা দিৱস উপলক্ষে এক গভীৰ তথ্যভিত্তিক সাৰুৱা ভাষণ আগবঢ়ায়।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ কলগাছিয়া অঞ্চলৰ আদৰ্শ খেতিয়ক, খেলুৱৈ আৰু বৃহত্তৰ কলগাছিয়া অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰবিশিষ্ট ব্যক্তিসকলক মানপত্ৰ, শৰাই আৰু ফুলাম গামোচাৰে উদ্বোক্তাসকলে সম্ভাৰ্ধনা জনায় । ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল উপস্থিত থাকে ।

Exit mobile version