মধ্য আকাশত বিমানৰ পৰা পৰিছে ইজনৰ পাছত সিজনলোক,সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল ভিডিঅ’

Screenshot 104

সময় যোৱাৰ লগে লগে কাবুলৰ পৰিস্থিতি অধিক বেয়া হৈ আহিছে। সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ দেখি বহুতৰে গাৰ নোম শিয়ঁৰি উঠিছে। এটা ভিডিঅ’ত দেখা গৈছে দেশ এৰিবলৈ কাবুল বিমানবন্দৰত শ শ মানুহৰ ভিৰ । আন এটা ভিডিঅ’ আৰু অধিক ভয়ংকৰ। ইয়াত দেখা গৈছে যে বিমানৰ পৰা মধ্য আকাশত কে’বাজনো লোক পৰি হৈছে ।

তথ্য অনুসৰি তেওঁলোক বিমানখনৰ চকাত ওলমি আছিল। কোনো উপায়েৰে তেওঁলোকে দেশ এৰিব বিচাৰিছিল। কিন্তু বিমানৰ পৰা মধ্য বতাহত তললৈ পৰি গৈছিল তেওঁলোক। বহুলোক বিমানখনৰ পিছফালেও আছিল বুলি জনাইছে সূত্ৰই ।সামাজিক মাধ্যমত ভাইৰেল কাবুল বিমানবন্দৰত চৰম বিশৃংখলতাৰ ছবি।

সূত্ৰসমূহে কয় যে, সৈন্যই কাবুল বিমানবন্দৰত গুলীচালনা কৰিছিল। গুলীচালনাত একাধিক লোক নিহত হৈছিল আৰু কে’বাজনো আহত। কাবুল বিমানবন্দৰৰ পৰা বিমান চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। বিমানবন্দৰ কৰ্তৃপক্ষই আৱাসীসকলক পুনৰ বিমানবন্দৰলৈ নাআহিবলৈ আহ্বান জনাইছে।

খবৰ অনুসৰি পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশে এয়াৰলাইনসমূহক আফগানিস্তানৰ আকাশসীমা পৰিহাৰ কৰিবলৈ নিৰ্দেশ দিছে। অত্যাধিক সতৰ্কতা জাৰী কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে কয় যে তেওঁলোকে হামিদ কাৰজাই বিমানবন্দৰত নিৰাপত্তা বজাই ৰাখিবলৈ চেষ্টা কৰি আছে। তাত প্ৰায় ছয় হেজাৰ সৈন্য মোতায়েন কৰা হৈছে।

Exit mobile version