সহজে ঘৰতে কৰিব পৰা ছালৰ পৰিচর্চা

homemade papaya face packs tanning

অমিতা

অমিতাই নিষ্প্ৰাণ আৰু ছালৰ লেতেৰা ভাব সোনকালে আঁতৰাই ছালখন উজ্জ্বল কৰি তোলে। গতিকে ছালখন সোনকালে জিলিকি বলৈ অমিতা ব্যৱহাৰ কৰক। ইয়াৰ বাবে আধা বাটি অমিতা, এক/দুই চামুচ চন্দন কাঠৰ গুৰি, গোলাপ পানী আৰু এক/দুই চামুচ এলো ভেৰা জেলৰ প্ৰয়োজন হ’ব। অমিতাখিনি ভালদৰে পিহি লৈ ইয়াক চন্দনকাঠৰ গুৰি, গোলাপ পানী, এলো ভেৰা জেলৰ স’তে মিহলি কৰি এই মিশ্ৰণ মুখত প্ৰয়োগ কৰক। ১৫-২০ মিনিটৰ পাছত শুকান হ’লে পানীৰে ধুই দিব।

কাঠবাদাম

কাঠবাদামত থকা ভিটামিন ই আৰু অন্যান্য উপাদানবোৰ ছাল কোমল কৰাত সহায় কৰে। কেৱল সাত-আঠটা কাঠবাদাম আৰু দুই চামুচ গাখীৰ প্ৰয়োজন হ’ব। বাদামবোৰ গোটেই ৰাতি পানীত তিয়াই ৰাখক আৰু পিছদিনা ৰাতিপুৱা পিহি লৈ ইয়াৰ স’তে গাখীৰ মিহলি কৰি মিশ্ৰণটো আপোনাৰ মুখত প্ৰয়োগ কৰক। ২০ মিনিটৰ বাবে মিশ্ৰণটো মুখত লগাই ঠাণ্ডা পানীৰে ধুই দিয়ক।

তিয়ঁহ

যিহেতু তিয়ঁহত প্ৰায় ৯৫ শতাংশ পানী থাকে, ই ছালখন আৰ্দ্ৰ কৰি ৰাখে আৰু ছাল উজ্জ্বল কৰে। আধা তিয়ঁহ, এক/দুই চামুচ চন্দন কাঠৰ গুৰি। তিয়ঁহখিনি ভালদৰে গুৰি কৰক আৰু ইয়াত চন্দনকাঠৰ গুৰি দিয়ক। এইবাৰ এই মিশ্ৰণটো আপোনাৰ মুখত প্ৰয়োগ কৰক আৰু ইয়াক ২০ মিনিটৰ বাবে থৈ পানীৰে ধুই দিয়ক।

Exit mobile version