কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ দুৰ্ঘটনাত দুই ভাতৃৰ মৃত্যু

ছেৰফাংগুৰিত কলবাৰি নামৰ ঠাইত সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাত এছএছবিৰ জোৱান দীপাংকৰ ৰায়(২৮) আৰু তেওঁৰ খুড়াৰ ল’ৰা ভাতৃ জ্যোতি ৰায়ৰ(১৬) ঘটনাস্থলীত মৃত্যু হয় ।

জয়প্ৰকাশ ৰায়(১৬) গুৰুতৰভাৱে আহত ৷ এছএছবিৰ জোৱান দীপাংকৰে দুই ভাতৃক গোসাইগাঁওস্থিত মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে আহি গৃহলৈ উভতি যোৱাৰ সয়মতে সংঘটিত হয় দুৰ্ঘটনাটো‌ । এখন অচিনাক্ত ট্ৰাকে তেওঁলোকৰ গাড়ীখনক খুন্দা মাৰী পলায়ন কৰে ।

Exit mobile version