আফগানী মহিলাসকলক চৰকাৰ গঠনত অংশগ্ৰহণ কৰিবলৈ আহ্বান তালিবানৰ

সম্পূৰ্ণ ছৰিয়তৰ আইন অনুযায়ীয়ে দেশ পৰিচালিত হ'ব

Afghanistan

আফগানী মহিলাসকলক চৰকাৰ গঠনত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে তালিবানে । তালিবানে কয়, এতিয়া বিৰোধীসকলক ক্ষমা কৰাৰ পথ অৱলম্বন কৰিব তেওঁলোকে । সেয়ে অকাৰণত সাধাৰণ মানুহৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ কোনো প্ৰয়োজন নাই । মঙলবাৰে শান্তি বৰ্তাই ৰখাৰ বাৰ্তাও দিয়া হয় । লগতে, মহিলাসকলকো চৰকাৰত অংশগ্ৰহণৰ বাবে নতুনকৈ আহ্বান জনাইছে তালিবানৰ তৰফৰ পৰা ।

সংবাদ মাধ্যমক তালিবান সাংস্কৃতিক সংগঠনৰ প্ৰধান এমানুল্লাহ সামাগনিয়ে কয়, ‘নতুন তালিবান শাসনত মহিলাসকলৰ ওপৰত অত্যাচাৰ হোৱাটো আমি নিবিচাৰো । সকলো ছৰিয়তৰ আইন অনুযায়ীয়ে পৰিচালিত হয় । ইয়াৰ মাজতে যদি মহিলাসকলে প্ৰশাসন আৰু চৰকাৰতো অংশগ্ৰহণ কৰিব বিচাৰে, তেন্তে স্বাগতম । আমি সকলো বৃত্তৰ প্ৰতিনিধিকে প্ৰশাসনত বিচাৰিছো ।’

লগতে তেওঁ জনায় যে, সম্পূৰ্ণ ছৰিয়তৰ আইন অনুযায়ী দেশ পৰিচালিত হ’ব । অৱশ্যে নিয়মৰ খচৰা এই পৰ্যন্ত প্ৰস্তুত হোৱা নাই । মহিলাসকলে কি মানি চলিব লাগিব, তাক লৈও স্পষ্ট কোনো নিয়ম প্ৰস্তুত কৰা হোৱা নাই ।

দেওবাৰে তালিবানে আফগানিস্তান দখল কৰাৰ পাছৰ পৰাই মহিলাসকলৰ পৰিস্থিতিক লৈ উদ্বেগৰ সৃষ্টি হৈছে । নোবেলজয়ী মালালা ইউছুফজায়েও নাৰী স্বাধীনতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । আফগান প্ৰশাসনিক পদত থকা বা মহিলা খ্যাতনামিসকলৰ উপৰিও সাধাৰণ মানুহৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে । মহিলাসকলে পুনৰ অত্যাচাৰৰ দিন উভতি আহিব বুলি ধাৰণা কৰিছে । যদিও কোনো ভয়ৰ কাৰণ নাই বুলি কৈছে তালিবানে । তেওঁলোকে কয়, অতি শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক হ’ব । নাৰীৰ অধিকাৰ সুৰক্ষিত হ’ব ।

সঁচাকৈয়ে এখন নতুন তালিবান দেখিব নেকি আফগানিস্তানে ? বিগত কিছুদিন ধৰি, তালিবানে যেতিয়া ক্ৰমে ইখনৰ পাছত সিখন প্ৰদেশ দখল কৰি কাবুলৰ দিশে আগবাঢ়ি আহিছিল, সেই সময়ৰ ঘটনা বা ক্ষমতা দখলৰ পাছৰ একাধিক ঘটনাত কিন্তু খুব এটা আশাপ্ৰদ নহয় । সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীসকলে মহিলাসকলক জোৰ কৰি বিয়া দিয়াৰ চেষ্টা কৰিছে । এই অভিযোগ অস্বীকাৰ কৰিছে সন্ত্ৰাসবাদীসকলে ।

ক্ষমতা দখলৰ পাছত এনেধৰণৰ খবৰো পোৱা গৈছিল যে, সন্ত্ৰাসবাদীসকলে বেংকৰ মহিলা কৰ্মচাৰীসকলক ঘৰত পঠাই দিছে । ঘৰত পুৰুষ কৰ্মী থাকিলে তেওঁক কামত পঠাবলৈ কয় । প্ৰশাসনিক পদত থকা আফগানী মহিলাসকলেও কয়, তেওঁলোকে প্ৰতি মুহূৰ্ত আতংকত কটাইছে । এই সময়তে তালিবানৰ ঘোষণাই পৰৱৰ্তীত ‘তালিবান’ শাসনৰ ইংগিত দিছে ।

অৱশ্যে ই বাস্তৱত কিমান কাৰ্যকৰী হ’ব, সেয়া ভৱিষ্যতে লক্ষণীয় হ’ব । কাৰণ, মহিলাসকলক চৰকাৰ আৰু প্ৰশাসনত অংশগ্ৰহণ কৰিবলৈ কোৱাৰ লগতে ছৰিয়ত আইনৰ কথাও উল্লেখ কৰা হৈছে । সেই আইন মানি মহিলাসকলৰ অংশগ্ৰহণ কিমান সম্ভৱ তাক প্ৰশ্ন থাকিয়ে গৈছে ।

Exit mobile version