কলগাছিয়াত ঔষধ পৰিদৰ্শক অনুজ্ঞাপত্ৰ নথকা চাৰিটাকৈ ফাৰ্মাচী ছীল

বৰপেটা জিলাৰ কলগাছিয়াত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ ফাৰ্মাচী । আজি হঠাৎ বৰপেটা জিলাৰ ঔষধ পৰিদৰ্শক পাৰ্থ প্ৰতিম বৰগোহাঁইয়ে কলগাছিয়াত উপস্থিত হৈ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱাৰ উপস্থিতিত অভিযান চলায় ।

ADVERTISEMENT

এই অভিযানৰ সময়ছোৱাত চাৰিটাকৈ অবৈধ ফাৰ্মাচী ছীল কৰে, যদিও আন বহুতো অবৈধ ফাৰ্মাচীৰ সত্বাধিকাৰীয়ে দোকান এৰি পলায়ন কৰে ।

বিগত সময়চোৱাত ঔষধ পৰিদৰ্শক বিষয়াই অনুজ্ঞাপত্ৰ নোহোৱাকৈ ফাৰ্মাচী বন্ধ ৰাখিবলৈ সতৰ্ক কৰি দিয়ে যদিও এই অবৈধ ফাৰ্মাচীৰ সত্বাধিকাৰীসকলে কোনো বাধা নামানি ফাৰ্মাচী খুলি মানুহৰ জীৱনৰ লগত হেতালি খেলি আছে বুলি মন্তব্য কৰে । লগতে অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলিও মন্তব্য কৰে ঔষধ পৰিদৰ্শক বৰগোঁহাইয়ে ।

Exit mobile version