গুইজানৰ ডিব্ৰু নৈত বনবিভাগে নিশা কৰ্তব্যত অৱস্থাত থকাৰ সময়ত বৃহৎ পৰিমাণৰ চুৰাং কাঠ জব্দ কৰে ,যদিও আন্ধাৰৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম চুৰাং কাঠ বেপাৰী ৷ পৰৱৰ্তী সময়ত গুইজানৰ বনবিভাগে কাঠখিনি ঘাটলৈ লৈ আনে ৷ বনবিভাগে সন্দেহ কৰা অনুসৰি কাঠখিনি অৰুণাচলৰ পৰা পানীয়েদি সৰবৰাহ কৰা হৈছিল ৷
ইতিমধ্যে বনবিভাগে কাঠখিনি গুইজান ঘাটত সৰু সৰুকৈ কাটি বনবিভাগৰ কায্যালয়লৈ আনিবলৈ সাজু হোৱাৰ লগতে চুৰাং কাঠ বেপাৰীৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷