পাকিস্তানত পুনৰ ভঙা হ’ল ৰণজিৎ সিঙৰ মূর্তি, আটক কট্টৰপন্থী সংগঠনৰ এজন সদস্য

Maharaja Ranjit Singh statue 1629186114245 1629186121604

পাকিস্তানৰ লাহৌৰত মহাৰজা ৰণজিৎ সিঙৰ মূর্তি ভঙা হ’ল । সূত্ৰ অনুসৰি, পাকিস্তানৰ এটা কট্টৰপন্থী সংগঠন তেহৰিক-ই-লাব্বাইকে মূর্তিটো ভাঙিছে । এই ঘটনাত এজনক আটক কৰিছে আৰক্ষীয়ে । লাহৌৰ ফ’র্টৰ বাহিৰত থাকা মূর্তিটো এই লৈ তৃতীয়বাৰ ভঙা হৈছে । হাতত তৰোৱাল লৈ ঘোঁৰাত বহি থকা মূর্তিটোৰ উচ্চতা ন ফুট ।

প্রায় ৪০ বছৰ ধৰি পঞ্জাৱৰ ৰজা আছিল ৰণজিৎ । ১৮৩৯ ত তেওঁৰ মৃত্যু হয় । ২০১৯ ৰ জুনত মহাৰজা ১৮০ তম মৃত্যুবার্ষিকীত লাহৌৰ ফ’র্টৰ বাহিৰত এই মূর্তিটো স্থাপন কৰা হয় ।মূর্তি উন্মোচনৰ দুমাহৰ ভিতৰতে তেহৰিক-ই-লাব্বাইক সংগঠনৰ দুই সদস্য‌ই সেই মূর্তি ভাঙি পেলায় । দুজনকেই গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে । তেওঁলোক শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ পৰিচয়ত ফ’র্টৰ ভিতৰত সোমায় ।

পাছত হাতত থকা লোহাৰ ৰড দি মূর্তিটো আঘাত কৰে । মূর্তিৰ এটা হাত আৰু দেহৰ কিছু অংশ ভাঙি যায় । তাৰ পাছতো পুনৰ ভঙা হয় মূর্তিটো । আৰক্ষীয়ে জনাইছে, ধর্মীয় বিদ্বেষেৰ বাবেই বাৰেপতি মূর্তি ভঙাৰ চেষ্টা কৰা হৈছে । লাহৌৰ প্রশাসনে মূর্তিটো নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলি জনাইছে । মূর্তিৰ কাষত নিৰাপত্তা বঢ়োৱাৰ পৰিকল্পনা কৰিছে প্রশাসনে ।

Exit mobile version