বৰপেটা জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত গাঁও পঞ্চায়ত সভাপতি-সচিবক প্ৰশিক্ষণ

মুকলিত শৌচমুক্ত, জাৱৰ-জোথৰ নিস্কাশনৰ ব্যৱস্থা আৰু পঞ্চাদশ আঁচনিৰ ওপৰত আলোচনা

ইউনিচেফৰ আৰ্থ সাহাৰ্যত আৰু বৰপেটা জিলা পানী আৰু অনাময় সমিতি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত বৰপেটা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত মুকলিত শৌচমুক্ত, জাৱৰ-জোথৰ নিস্কাশনৰ ব্যৱস্থা আৰু পঞ্চাদশ আঁচনিৰ ওপৰত গাঁও পঞ্চায়ত সভাপতি-সচিবসকলৰ মাজত এদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয় । প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক অৰ্পনা অধিকাৰীয়ে।

পৃথকে পৃথকে ২৪ আগষ্টলৈ চলিবলগীয়া প্ৰশিক্ষণ শিবিৰটো আজি শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালে। উদ্বোধনী ভাষণত চৰকাৰে গাঁও পঞ্চায়তলৈ আৱণ্টন দিয়া বিভিন্ন আঁচনিৰ ধন সঠিক ৰুপায়নত মনোযোগ দিবলৈ আহ্বান জনায় । প্ৰশিক্ষণত মুকলিত শৌচমুক্ত কৰা, স্বচ্ছ ভাৰত মিচনৰ শৌচাগাৰ নিৰ্মাণত গাওঁ পঞ্চায়তৰ পঞ্চাদশ আঁচনিৰ ধন সংলগ্ন কৰা , শৌচাগাৰ সমুহ চোৱাচিতা কৰা, শৌচাগাৰ চাফ চিকুনকৈ ৰখা, সকলো ক্ষেত্ৰতে বিশুদ্ধ পানী ব্যৱহাৰ, প্লাষ্টিকৰ বস্তু বৰ্জন, জাৱৰ-জোথৰ নিষ্কাশনৰ ব্যৱস্থা কৰা, জাৱৰ-জোথৰ একগোট কৰি তাৰ পচন সাৰ প্ৰস্তুত কৰা, পেলনীয়া বটল ব্যৱহাৰ উপযোগী কৰাকে ধৰি বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষক সকলে বিস্তৃত ভাৱে বুজাই দিয়ে।

জিলা সমন্বয়ক অৰ্পনা অধিকাৰীয়ে আত ধৰা প্ৰশিক্ষণ শিবিৰত অতিথি হিচাপে জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া মনোজ চিকাৰীয়া, স্বচ্ছ ভাৰতৰ মুখ্য অভিযন্তা কাৰ্যালয়ৰ ৰাজ্যিক সমন্বয়ক জ্যোতিময় দেৱগোস্বামী, কাৰিকৰী বিষয়া দ্বীপজ্যোতি কলিতা, নডেল বিষয়া উৎপল চক্ৰবৰ্তী, ডি পি আৰ চি ওমৰ খায়ুম, জিলা সমন্নয়ক প্ৰাঞ্জল ডেকা উপস্থিত থাকে । প্ৰশিক্ষণত সৰুক্ষেত্ৰী, গোৱৰ্দ্বনা আৰু গোমা উন্নয়ন খণ্ডৰ বিভিন্ন গাওঁ পঞ্চায়তৰ সভাপতি-সচিব সকলে অংশগ্ৰহণ কৰে।

Exit mobile version