ডিগবৈত নিশা আৰক্ষীৰ অভিযান, নিচাযুক্ত টেবলেটসহ সাতজনক গ্ৰেপ্তাৰ

ডিগবৈত নিশা টহলদাৰী আৰক্ষীৰ অভিযানত বৃহৎ সংখ্যক নিচাযুক্ত টেবলেটসহ সাতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে এছ ২৩ জেড্ ৯৩৪৩ নম্বৰৰ এখন বাহন জব্দ কৰে । জব্দ কৰা টেবলেটৰ পৰিমাণ ১১ হেজাৰ পাঁচশ ।

ডিগবৈ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্ত‌ই সাংবাদিকক জানিবলৈ দিয়ে যে আটাইকেইজনে ডিব্ৰুগড়ৰ পৰা পেঙেৰীলৈ জব্দ কৰা বাহনখনত টেবলেটসমূহ নি থকা অৱস্থাত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাস আৰু ডিগবৈ আৰক্ষী থানাৰ (এছ.আই) নিপজ্যোতি নাথৰ নেতৃত্বত টহলদাৰী আৰক্ষী দলটোৱে পানবাৰীত গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version