তৃণমূল কংগ্ৰেছত যোগদানৰ ইংগিত সাংসদ নৱ শৰনীয়াৰ, গোসাইগাঁৱত ৰাইজৰ স’তে মত বিনিময়

সমাগত উপ নিৰ্বাচনক লৈ তৎপৰ হৈছে পাঁচ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়া ৷ বিশেষকৈ ২৮ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে সাংসদগৰাকীয় ৷

তেওঁ কয় যে বিটিচিত জিএছপি, ইউ পি পি এল আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ আছে যদিও উক্ত চৰকাৰখনে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰা নাই ৷ ভিচিডিচি গঠনত জিএছপিৰ কৰ্মকৰ্তাসকলক প্ৰাধান্য দিয়া নাই বুলি উল্লেখ কৰি সকলো বিৰোধী ঐক্যবদ্ধ হৈ এজন বিধায়কক বিজয়ী কৰি আনিব পাৰিলে সমষ্টিৰ ক্ষীপ্ৰ উন্নয়ন হ’ব বুলি প্ৰকাশ কৰে ৷

ইপিনে, তেওঁ তৃণমূল কংগ্ৰেছত যোগদান অথবা মিত্ৰতা কৰাৰ ইংগিত দি কয় যে মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী হ’লে অসমৰ উন্নয়ন হ’ব ৷ গো-সুৰক্ষা আইনক লৈ সাংসদগৰাকীয়ে কয় যে বিশ্বৰ অধিকাংশ লোকে গো মাংস খায় তেনে ক্ষেত্ৰত গো সুৰক্ষাক লৈ আলোচনা কৰাতকৈ অসমৰ নিবনুৱাক সংস্থাপনৰ কথা আলোচনা কৰাটো ভাল হ’ব বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে ৷

গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাত গোসাইগাঁও সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক উপস্থিত থাকে ৷

Exit mobile version