নেচনেল ডিফেন্স একাডেমীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব মহিলাসকলো : উচ্চতম ন্যায়ালয়

xlecYymVfqTEglr 800x450 noPad

নেচনেল ডিফেন্স একাডেমীৰ পৰীক্ষাত মহিলাৰ সকলেও অৱতীৰ্ণ হ’ব পাৰিব । বুধবাৰে এক জনস্বাৰ্থ গোচৰত অন্তৰ্ৱতী যায় দান কৰি জনালে উচ্চতম ন্যায়ালয়ে । পৰীক্ষাত মহিলাসকলক অৱতীৰ্ণ হ’ব নিদিয়াৰ অভিযোগৰ ভিত্তিত ভাৰতীয় সেনাক তীব্ৰ ভাষাত সমালোচনা কৰে সৰ্বোচ্চ ন্যায়ালয়ে । বিষয়টোক ‘লিংগ বৈষম্য’ বুলিও ব্যাখ্যা কৰিছে এই বেঞ্চে ।

আগন্তুক পাঁচ ছেপ্টেম্বৰত নেচনেল ডিফেন্স একাডেমীৰ প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত হ’ব । এই পৰীক্ষাত মহিলাসকলক অংশগ্ৰহণ কৰিব দিয়া নাই, এই অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত হলফনামা দাখিল কৰিছিল দিল্লীৰ অধিবক্তা কুশ কালৰাই । তেওঁ জনায়, কেৱল লিংগৰ ভিত্তিত মহিলাসকলক পৰীক্ষাত অৱতীৰ্ণ হ’ব নিদিয়াৰ সিদ্ধান্তত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪, ১৫, ১৬ আৰু ১৯ উলংঘা হৈছে ।

বুধবাৰৰ শুনানিত ন্যায়ালয়ত কেন্দ্ৰৰ মন্তব্য, ‘ভাৰতীয় সেনাত মহিলাসকলক সমান সুযোগ দিয়া হৈছে । সশস্ত্ৰ বাহিনীত যোগ দিয়াৰ প্ৰক্ৰিয়াত কোনো ধৰণৰ মৌলিক অধিকাৰ উলংঘা হোৱা নাই ।’

চলিত শিক্ষাবৰ্ষৰ পৰা দেহৰাদুনৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটেৰী কলেজত মহিলাসকলৰ অংশগ্ৰহণ বঢ়োৱাৰ দাবীত কিছুদিন পূৰ্বে আন এটা গোচৰ দাখিল কৰা হৈছিল শীৰ্ষ ন্যায়ালয়ত । কালৰাৰ আবেদনৰ লগতে এই বিষয়টোও পৰ্যবেক্ষণ কৰিছে ন্যায়ালয়ে ।

Exit mobile version