বিগ্ বছৰ ঘৰৰ বাহিৰত স্পাইডাৰঅ’মেনৰ পোছাকত ৰাখি

Is she ok ask netizens as Rakhi dresses up as Spiderwoman

এনে কোনো কাম নাই যি বলীউড অভিনেত্ৰী ৰাখি সাৱন্তে কৰিব নোৱাৰে । কেতিয়াবা কয় তেওঁ বিবাহিত, স্বামী সন্মুখত আহিব নিবিচাৰে । কেতিয়াবা কয় তেওঁ বিবাহৰ বাবে পাত্ৰ বিচাৰি আছে ।

২০২০ত ৰাখি সাৱন্তো গৈছিল ‘বিগ্ বছ্’ হাউছত । ৰাখি যোৱাৰ পাছতে বিগ্ বছৰ পৰিৱেশ সলনি হৈ যায় ।

শেহতীয়াকৈ ৰাখিক বিগ্ বছ্ ১৫ৰ হাউছৰ বাহিৰত স্পাইডাৰঅ’মেনৰ পোছাকত দেখিবলৈ পোৱা গৈছে । তেওঁক মাটিত শুই চিৎকাৰ কৰিছে, বিগ্ বছ্ মোক ঘৰৰ ভিতৰত মাতক । বিগ্ বছৰ এইবাৰৰ তালিকাত ৰাখিৰ নাম নাই । সেয়ে তেওঁক মতা নাই । কিন্তু জোৰ কৰি বিগ্ বছৰ ঘৰত যাব বুলি ৰাস্তাত স্পাইডাৰ‌অ’মেন সাজি বহি আছে ৰাখি । এই ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ হোৱাৰ পাছতে ভাইৰেল হৈ পৰে ।

Exit mobile version