ভাৰতৰ স’তে আমদানি -ৰপ্তানি প্ৰায় বন্ধ কৰিলে তালিবান আফগানিস্তানে

1629346159 afghanistan

তালিবানৰ কাবুল দখলত প্ৰভাৱ পৰিল ভাৰত আৰু আফগানিস্তানৰ মাজত বাণিজ্যিক সম্পৰ্কৰ ।বৰ্তমান দুয়োখন দেশৰ মাজত সামগ্ৰী পৰিবহন স্থগিত ৰখা হৈছে। যিয়ে আমদানি আৰু ৰপ্তানিত প্ৰভাৱ পেলাইছে। এই কথা জনাইছে ফেডাৰেচন অফ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেচনৰ সঞ্চালক প্ৰধান অজয় সহায়ে ।

আমদানি আৰু ৰপ্তানিৰ সন্দৰ্ভত অজয়ে জনাইছে পাকিস্তানৰ সামগ্ৰী পৰিবহন কৰা যি পথটো বন্ধ কৰি দিছে তালিবানে। সেই পথটোৱে আফগানিস্তানৰ পৰা ভাৰতলৈ সামগ্ৰী আনিবলৈ ব্যৱহাৰ কৰিছিল। যিটো যোৱা কেইদিনমানৰ পৰা বন্ধ হৈ আছে।

দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভত অজয়ে কয়, “বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি চলি আহিছে। আমি এই ক্ষেত্ৰত আফগানিস্তানৰ আটাইতকৈ ডাঙৰ সহযোগী। ২০২১ চনত, সেই দেশলৈ আমাৰ ৰপ্তানি আছিল ৮৩.৫ কোটি ডলাৰ। আমি ৫১কোটি ডলাৰৰ মূল্যৰ সামগ্ৰী আমদানি কৰিছিলো সেইখন দেশত ।”

তেওঁ লগতে কয় যে ভাৰতে আফগানিস্তানত ৩০০ কোটি ডলাৰ বিনিয়োগ কৰিছে। ভাৰতৰ স’তে আফগানিস্তানৰ সুসম্পৰ্কৰ বিষয়ে ফুটি উঠিছিল অজয়ৰ কথাত । ভাৰতে বৰ্তমান আফগানিস্তানলৈ চেনী, ঔষধ, কাপোৰ, চাহ, কফি, মচলা, ট্ৰেন্সমিটাৰ টাৱাৰৰ দৰে সামগ্ৰী ৰপ্তানি কৰে। শুকান ফলৰ ক্ষেত্ৰত ভাৰত আফগানিস্তানৰ ওপৰত অতি নিৰ্ভৰশীল।

অৱশ্যে অজয়ে আশা প্ৰকাশ কৰিছিল যে পৰিস্থিতিটো পাৰ হৈ যাব। এই সন্দৰ্ভত তেওঁ কয়, “মই নিশ্চিত যে আফগানিস্তানে কিছু সময়ৰ পাছত অনুভৱ কৰিব যে আগবাঢ়ি যোৱাৰ একমাত্ৰ উপায় হৈছে অৰ্থনৈতিক বিকাশ। ব্যৱসায়ৰ জৰিয়তে কি সম্ভৱ। তেওঁ কৈছিল যে বেছিভাগ আমদানি আৰু ৰপ্তানি বন্ধ কৰা হৈছে কিন্তু কিছুমান সামগ্ৰী ডুবাইহৈ চলি আছে।

Exit mobile version