২০২৭ত দেশৰ প্রথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’ব পাৰে নাগাৰাথনা

thequint 2021 08 ba6f3ef5 ad17 473f 82d7 3c33820b4912 Untitled design 89

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিয়ােগত কলেজিয়ামে অনুমােদন জনােৱা নটা নামৰ ভিতৰত তিনিগৰাকী মহিলা আছে। এয়ে প্রথমবাৰৰ বাবে একেলগে তিনিজন মহিলা ন্যায়াধীশৰ নিয়ােগ উচ্চতম ন্যায়ালয়ত হ’ব।

কর্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰাথনা, তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলি আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ বেলা ত্রিবেদীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিয়ােগৰ বাবে পাঁচ সদস্য বিশিষ্ট কলেজিয়ামে অনুমােদন জনাইছে।

এইকেইগৰাকী ন্যায়াধীশ সর্বোচ্চ ন্যায়ালয়ত নিযুক্ত হলে ২০২৭ বৰ্ষত ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশৰ দায়িত্ব লাভ কৰিব পাৰে বি ভি নাগাৰাথনাই।

Exit mobile version