তালিবানৰ ভয়ত মার্কিন বিমানত উঠি দেশ ত্যাগ আফগান পপ তাৰকাৰ

aryana 611e678fb7ff5 0

আফগানিস্তানৰ অন্যতম জনপ্রিয় পপ তাৰকাৰ আৰিয়ানা ছয়ীদে তালিবানৰ শংকাত গােপনে দেশ ত্যাগ কৰিলে। বিগত ২০ বছৰ ধৰি আফগানিস্তানত যিসকল মহিলাই নাৰী স্বাধীনতাৰ হকে মাত মাতি মুক্ত জীৱন যাপন কৰি আহিছিল তাৰ ভিতৰত অন্যতম আছিল আৰিয়ানা।

এগৰাকী পপ তাৰকা হিচাপে জনপ্রিয়তা অর্জন কৰাৰ লগতে তেওঁ আফগানিস্তানৰ দুটা টেলিভিছন চেনেলৰ অনুষ্ঠানতাে জড়িত হৈ আছিল। পশ্চিমীয়া সংস্কৃতিপ্রেমী আৰিয়ানাৰ জন্ম কাবুলত হলেও জীৱনৰ সৰহভাগ সময় তেওঁ ছুইজাৰলেণ্ড আৰু লণ্ডনত অতিবাহিত কৰিছিল।

শেহতীয়াভাৱে তেওঁ কাবুলত বসবাস কৰিছিল যদিও তালিবানৰ আফগানিস্তান দখলৰ পাছতে আমেৰিকাৰ উদ্ধাৰকাৰী বিমানত উঠি আৰিয়ানাই মাতৃভূমি ত্যাগ কৰিলে। দেশ ত্যাগৰ সন্দৰ্ভত পপ শিল্পীগৰাকীয়ে ইনষ্টাগ্রামৰ জৰিয়তে ফটোও প্ৰকাশ কৰিছে।

Exit mobile version