১২-১৭ বছৰ বয়সৰ শিশু আৰু কিশােৰক ক’ভিডৰ পৰীক্ষামূলক প্রতিষেধক প্রদানৰ বাবে চি ডি এছ চি অ’ৰ পৰা অনুমতি বিচাৰিলে জনছন এণ্ড জনছনে।
প্রতিষ্ঠানটোৱে তৈয়াৰ কৰা ক’ভিডৰ এই প্রতিষেধক এপালি ল’লেই অতিমাৰীৰ সংক্ৰমণৰ পৰা সুৰক্ষা লাভ কৰিব পাৰিব বুলি জনছন এণ্ড জনছনে দাবী কৰিছে।
বর্তমানলৈকে চলােৱা তৃতীয় পর্যায়ৰ নৈদানিক পৰীক্ষণত এই প্রতিষেধক কভিড প্ৰতিৰােধৰ ক্ষেত্ৰত ৮৫ শতাংশ কার্যকৰী বুলি প্রমাণিত হৈছে।
আমেৰিকাৰ আগশাৰীৰ ফার্মা প্রতিষ্ঠানটোৱে ভাৰতত ১২-১৭ বছৰ বয়সৰ লােকসকলক ক’ভিডৰ এপালি প্রতিষেধক প্রদানৰ লক্ষ্যৰে চি ডি এছ চিঅ’ৰ পৰা অনুমতি বিচাৰিছে।