কাবুল হস্তগত কৰাৰ পাছতে সমগ্ৰ বিশ্বকে তালিবান নেতৃত্বই কৈছিল যে বিৰোধীক ক্ষমা কৰি দিয়া হ’ব; কিয়নো কাৰো স’তে শত্ৰুতা নিবিচাৰে তেওঁলোকে । তলুৱাল আৰু বন্দুকৰ মুখত ভাৰতৰ চুবুৰীয়া আফগানিস্তান তালিবানে পুনৰ হস্তগত কৰাৰ পাছত সমগ্ৰ বিশ্ব হতচকিত হৈ পৰাৰ সময়ত এনে ধৰণৰ আশ্বাস প্ৰদান কৰা তালিবানৰ কাম-কাজৰ ভিন্ন স্বৰূপ ক্ৰমাৎ উন্মোচিত হৈছে ।
পূৰ্বৰ প্ৰতিশোধপৰায়ণ, নৃশংস চৰিত্ৰ প্ৰদৰ্শন কৰি তালিবানে বিৰোধী আৰু পূৰ্বৰ চৰকাৰৰ যিসকল বিষয়াই আমেৰিকা আৰু নাটো বাহিনীৰ স’তে কাম কৰিছিল সেইসকলৰ সন্ধানত তল ওপৰ লগাইছে । তেওঁলোকৰ ঘৰে ঘৰে গৈ তালাচী অভিযান চলাইছে বন্দুকধাৰী তালিবান যোদ্ধাই । ৰাষ্ট্ৰসংঘৰ চোৰাংচোৱা প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে ।
সংবাদ মাধ্যমত ফাদিল হোৱা এই প্ৰতিবেদন অনুসৰি তালিবানৰ আশ্বাস স্বত্ত্বেও বৃহৎসংখ্যক লোকে কাবুল এৰি বিদেশলৈ পলায়ন কৰাৰ চেষ্টা চলাইছে । ৰাজধানী কাবুল দখলৰ পাছত সাংবাদিক মেলত নিজ ভাবমূৰ্তি সলনিৰ বাৰ্তা প্ৰেৰণ কৰে তালিবানৰ প্ৰধান মুখপাত্ৰ জবিউল্লা মুজাহিদে । দুই দশক পূৰ্বে তালিবানৰ নিৰ্মম ৰূপ দেখিছিল বিশ্বই ।
আশ্ৰফ ঘানি চৰকাৰৰ পতনৰ পাছত নিজৰ নতুন ভাবমূৰ্তি বিশ্বক দেখুৱাবলৈ চেষ্টা কৰিছে তালিবানে । শ্বৰিয়ত আইন অনুসৰি মহিলাক অধিকাৰ প্ৰদান, পূৰ্বৰ চৰকাৰৰ কৰ্মচাৰী-বিষয়া তথা বিৰোধিক সাধাৰণ ক্ষমাদান কৰিব বুলি ঘোষণা কৰিছিল তালিবানে । অথচ তাৰ সম্পূৰ্ণ বিপৰীত ছবি ওলাই পৰিছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ।
সন্দেহ উপজা লোকসকল আৰু তেওঁলোকৰ আত্মীয়ৰ ঘৰে ঘৰে তালাচী চলোৱাৰ সমান্তৰালভাৱে কাবুল বিমানকোঠলৈ যাত্ৰাপথতো তালাচী চলাইছে । ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদন প্ৰস্তুতকাৰী নৰৱেৰ সংস্থাটোৰ সঞ্চালক খ্ৰীষ্টিয়ান নেল্লেশনে কয়, ‘তালিবানক সমৰ্থন নকৰিলেই তেওঁলোকৰ পৰিয়ালবৰ্গক লক্ষ্য কৰি লোৱা হৈছে । শ্বৰিয়ত অনুযায়ী তেওঁলোকক শাস্তি দিছে তালিবানে । যিসকল পূৰ্বতে আমেৰিকা আৰু নাটো বাহিনীক সাহায্য কৰিছিল তেওঁলোকক বাছি বাছি লক্ষ্য কৰি লৈছে তালিবানে ।’
ভাৰতীয় দূতাবাসত আক্ৰমণ
তালিবানে কাবুলস্থ কমেও দুটা ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিছে । নথি-পত্ৰ বিচাৰি দূতাবাসত তালিবানে তালাচী চলোৱাৰ তথ্য পোহৰলৈ আহিছে । উন্মাদ তালিবান বাহিনীয়ে দূতাবাসৰ গাড়ীও লৈ যায় । চৰকাৰী সূত্ৰই দিল্লীত উদ্বেগ প্ৰকাশ কৰি কয় যে এই কাৰ্যকলাপৰ অৰ্থ হৈছে তালিবান নেতৃত্বই বিশ্বক দিয়া আশ্বাসৰ বিৰোধী কাম কৰি আছে । তালিবান সদস্যই কান্দাহাৰ আৰু হেৰাটত থকা ভাৰতীয় দূতাবাসত লুটপাত কৰি তাণ্ডৱ চলায় ।
সাম্প্ৰতিক পৰিস্থিতিত বন্ধ হৈ থকা দূতাবাস ভাঙি লুটপাত চলাই সন্ত্ৰাসবাদীৰ দলে । কান্দাহাৰত নথি-পত্ৰৰ সন্ধানত দূতাবাসৰ আলমাৰি, ড্ৰৰয়াৰ আদি ভাঙি তছনছ কৰে তালিবানে । দুয়োটা দূতাবাসৰ পৰা গাড়ী লৈ যায় সন্ত্ৰাসবাদীয়ে । ‘এয়া আমাৰ বাবে অপ্ৰত্যাশিত নহয় । যিহেতু সমস্ত দূতাবাস তছনছ কৰি নথি-পত্ৰৰ সন্ধান কৰে আৰু দুই দূতাবাসৰ পৰা আমাৰ পাৰ্ক কৰি থোৱা গাড়ী লৈ যায় ।’ এইদৰে কয় এজন জ্যেষ্ঠ বিষয়াই ।
তালাচীৰ আগদিনাখন তালিবানে দিল্লীৰ স’তে যোগাযোগ কৰি কয় যে তেওঁলোকে কাবুলৰ দূতাবাসৰ পৰা কূটনীতিবিদসকলক ভাৰতে ওভতাই নিয়াটো নিবিচাৰে । তালিবানৰ কাটাৰত থকা কাৰ্যালয়ৰ পৰা ভাৰতীয় দূতাবাসৰ পৰা কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ নিৰাপত্তাৰ আশ্বাস দি দিল্লীলৈ এই বাৰ্তা প্ৰেৰণ কৰা হয় । তালিবানৰ ৰাজনৈতিক গোটৰ মুৰব্বী আব্বাছ ষ্টেনিকজাইৰ কাৰ্যালয়ৰ পৰা কাবুল আৰু দিল্লীত থকা যোগাযোগকাৰীৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰা হৈছিল ।
অৱশ্যে এই কথালৈ কাণ নিদি ভাৰতে বহু প্ৰত্যাহ্বানৰ মাজেৰে ভাৰতীয় ৰাষ্ট্ৰদূতসহ বিষয়াক ওভতাই আনে । অৱশ্যে এতিয়াও সহস্ৰাধিক ভাৰতীয় নাগৰিক আফগানিস্তানত আৱদ্ধ হৈ আছে । উল্লেখ্য যে আফগানিস্তানত ভাৰতৰ চাৰিটা দূতাবাস আছে । কাবুল, কান্দাহাৰ, হেৰাট আৰু মাজাৰ-ই-শ্বৰীফ আদি দূতাবাসত । কাবুলৰ বাহিৰেও শ তিনিটা দূতাবাস বন্ধ হৈ আছে যে কাবুলৰ দূতাবাস স্থানীয় লোকৰ সহায়ত চলি আছে ।
এইদৰে ভাৰতীয় দূতাবাসৰ তলা ভাঙি তালিবানৰ তাণ্ডৱৰ দিল্লীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়ে লক্ষ্যণীয় হ’ব । সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ লৈ গৈছে তালিবানে । আনহাতে, কাবুলৰ দূতাবাসৰ স্থানীয় কৰ্মীসকলৰ মতে, এনে কোনো ঘটনা সংঘটিত হোৱা নাই ।