কলগাছিয়াৰ বলাইপথাৰত বেঁকী নৈত পৰি শিশুৰ সলিল সমাধি, অঞ্চলব্যাপী শোকৰ ছাঁ

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱৰ নয়ান আলীৰ পুত্ৰ নুৰ হোছেইন (১০) নামৰ ল’ৰাজনৰ বেঁকী নৈত পৰি মৃত্যু হোৱাত বৃহত্তৰ বলাইপথাৰ অঞ্চলত শোকৰ ছাঁ বিৰাজ কৰিছে। সূত্ৰ অনুসৰি, নুৰ হোছেইন নামৰ ল’ৰাজন সমনীয়াৰ স’তে বেঁকী নৈত গা ধুই থকা অৱস্থাত অকস্মাৎ নৈৰ কোবাল সোঁতে উটুৱাই লৈ যায় । স্থানীয় ৰাইজে বহু সময় বিভিন্ন উপায়েৰে শিশুটিক বিচাৰি থাকে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ।

কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী আৰু এছডিআৰ‌এফ বাহিনী ঘটনাস্থলীত উপস্থিত হয় । ইপিনে এছডিআৰ‌এফ বাহিনীয়ে সুসজ্জিত হৈ অক্সিজেন লৈ পানীত নামিবলৈ প্ৰস্তুতি লোৱাৰ সময়তে তাৰ পৰা অলপ আঁতৰত নাঁৱেৰে বিচাৰি থকা ব্যক্তিসকলে শিশুটিক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

মৃত শিশুটিক আৰক্ষীয়ে কলগাছিয়া আৰক্ষী থানালৈ লৈ যায় । মৰনোত্তৰ পৰীক্ষাৰ বাবে শিশুটিক বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিব বুলি জনাইছে।

Exit mobile version