কোকৰাঝাৰত চাঞ্চল্য : কোকৰাঝাৰত ডকাইত আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী

কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী ভোটগাঁৱত-কাশীপাৰাত শনিবাৰে নিশা সংঘটিত এক গুলীয়া গুলীৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভোটগাঁও কাশিপাৰাস্থিত এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ গুলীচালনাত তিনিজনকৈ ডকাইত নিহত হৈছে ।

তথ্য অনুসৰি নিহত হোৱা ডকাইত তিনিটাৰ পৰিচয় অদ্যপি উদ্ধাৰ হোৱা নাই যদিও দুজন ডকাইত গোৱালপাৰাৰ আৰু আন এজন ডকাইত মানকাছাৰৰ বুলি জানিব পৰা গৈছে ।

শনিবাৰে নিশা দুই বজাত ভোটগাঁওস্থিত এলাহাবাদ বেংকত ছয়জন ডকাইতে বেংক ডকাইতি কৰিবলৈ আহে । ইতিপূৰ্বে কেবাবাৰো বেংক ডকাইতৰ কবলত পৰা এলাহাবাদ বেংকত পুনৰাই বেংক ডকাইতিৰ দল উপস্থিত হোৱাৰ তথ্য আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰি ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলায় ।

আৰক্ষীৰ দলটোক দেখি ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । প্ৰত্যুত্তোৰত আৰক্ষীয়েও গুলীচালনা কৰাত তিনিজন ডকাইত গুৰুতৰভাৱে আহত হয় আৰু আৰক্ষীয়ে গুৰুতৰভাৱে আহত হোৱা ডকাইত তিনিজনক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, গেছ কাটাৰ, দুটা চিলিণ্ডাৰ আৰু ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এখন অটো (নং এএচ ১৮ এ চি ১৩৩৬) উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । সন্দেহ কৰা মতে ডকাইতৰ দলটোৱে গোৱালপাৰাৰ পৰা অট’ৰে আহি এলাহাবাদ বেংকত ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল ।

ইপিনে উক্ত ঘটনাটো প্ৰচাৰিত হোৱাৰ পাছতে কোকৰাঝাৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । কে’বাবাৰো ডকাইতিৰ কবলত পৰা এলাহাবাদ বেংকত ডকাইত কৰিবলৈ আহি তিনিটাকৈ ডকাইতক নিধন কৰিবলৈ সক্ষম হোৱা আৰক্ষীৰ প্ৰতি ধন্যবাদসূচক মন্তব্য প্ৰকাশ কৰিছে স্থানীয় জনতাই ।

ভোটগাঁও অঞ্চলত অশুভ শক্তিৰ বৃদ্ধিত উদ্বেগ প্ৰকাশ কৰি স্থানীয় জনতাই অশুভ শক্তিৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীৰ পদক্ষেপ আদৰণীয় বুলি মন্তব্য কৰিছে ।

Exit mobile version