আঘাতৰ ওপৰত আঘাত ,চিকিৎসালয়ত ভৰ্তি অভিষেক বচ্চন

Jr B hospital

চিকিৎসালয়ত ভৰ্তি অভিষেক বচ্চন। সম্প্ৰতি দৃশ্যগ্ৰহণৰ সময়ত হাতত আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী । অভিষেকৰ হাতৰ তলুৱাত আঘাত পোৱাৰ লগতে আঙুলিও ভাগিছে ।

হাতত বেণ্ডেজ লগাই ঘৰতে থকা দেখা গৈছিল অভিনেতাগৰাকী ।কিছুদিনৰ আগত হাতত বেণ্ডেজ লগাই পত্নী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাক বিমানবন্দৰত থব গৈছিল অভিনেতাগৰাকীয়ে ।

ঘৰলৈ উভতি অহাৰ পাছতে পুনৰ অভিনেতাজন আন এটা আঘাতৰ সন্মুখীন হয়। ইয়াৰ পাছতে অভিষেকক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অমিতাভ বচ্চন আৰু শ্বেতা বচ্চন নন্দাই দেওবাৰে লীলাৱতী চিকিৎসালয়ত তেওঁক সাক্ষাৎ কৰে।

ঐশ্বৰ্য ৰায় বচ্চন কন্যা আৰাধ্যাৰ স’তে মণিৰত্নমৰ পন্নীচেলভনৰ দৃশ্যগ্ৰহণৰ বাবে মধ্য প্ৰদেশলৈ গৈছিল । দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোক ইতিমধ্যে মুম্বাইলৈ উভতি আহিছে।

অভিষেকক শেষবাৰৰ বাবে অনুৰাগ বসুৰ ‘লুডো’ত দেখা গৈছিল। দৰ্শকসকল তেওঁৰ প্ৰদৰ্শনত প্ৰভাৱিত হৈছিল। পৰবৰ্তীকালত পৰিচালক তুষাৰ জলোটাৰ ছবি ‘দাসৱী’ত মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিষেকে ।

Exit mobile version