আজি অন্ত পৰিব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা

নৰেন্দ্ৰ মোদী কেবিনেটতস্থান লাভৰ পাছত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰিবলৈ ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰা “জন আশীৰ্বাদ যাত্ৰা”ৰ সোমবাৰে অন্ত পৰিব শিৱসাগৰৰ থাওৰাত।

আজি পুৱাই যোৰহাট,মৰিয়নি আৰু টীয়কত বহুকেইটা কাৰ্যসূচীত অংশ লৈ থাওৰাৰ ডিমৌত অন্তিমটো কাৰ্যসূচীত ভাগ ল’ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জন আশীৰ্বাদ যাত্ৰাক লৈ থাওৰাত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।

সোণোৱালক আদৰিবলৈ সাজু হোৱা থাওৰা বিজেপিৰ সহশ্ৰাধিক কৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা থাওৰা বিজেপিৰ কাৰ্যালয়লৈ সমগ্ৰ পথচোৱা সজাই তুলিছে। থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু ন-বিজেপি সুশান্ত বৰগোঁহাইৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

তদুপৰি বিজেপি নেতা ভৱেন মহন,শিৱ বদ্ৰাকে ধৰি উজনিৰ বহুকেইজন বিজেপিৰ নেতাইও এতিয়া থাওৰাত বাহৰ পাতি জন আশীৰ্বাদ যাত্ৰাক সফল কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰিছে।

বিয়লি চাৰি বজাত ডিমৌ নগৰৰ মাজমজিয়াত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত সোণোৱালৰ সৈতে ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰী,সাংসদ,বিধায়কৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাইও অংশগ্ৰহণ কৰাৰ কথা আছে। মূলতঃ গুৱাহাটী,নগাঁও আৰু যোৰহাট লোকসভা সমষ্টিক সামৰি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই জন আশীৰ্বাদ যাত্ৰাৰ থাওৰাত অন্ত পৰাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী পোনে পোনে ৰাওনা হ’ব ডিব্ৰুগড়লৈ।

ডিব্ৰুগড়ৰ পৰাই পুনৰ দিল্লীলৈ উৰা মাৰিব সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছতেই প্ৰথমটো অসম ভ্ৰমণে এতিয়া উৎফুল্লিত কৰি তুলিছে বিজেপিৰ সমূহ নেতা-কৰ্মীক।

Exit mobile version