আতংকত কাবুল ত্যাগ কৰি ভাৰতত আশ্ৰয় ল’লে আফগান সাংসদে

163099 yaiontptjo 1629613592

সকলো শেষ হৈ গ’ল । কাবুল ত্যাগ কৰি ভাৰতলৈ উভতি অহা আফগান সাংসদ নৰিন্দৰ সিং খালচাই প্ৰথম প্ৰতিক্ৰিয়াত এইদৰে কয় । কালি ১৬৮ জন লোকক স্বদেশলৈ উভতাই আনে ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানে । এই বিমানতে ভাৰতলৈ আহিল আফগানিস্তানৰ সাংসদ নৰিন্দৰ ।

তালিবানী নৃশংসতাৰ পৰা মুক্ত হৈ সম্প্ৰতি ভাৰতত আশ্ৰয় ল’লে এইজন আফগান সাংসদে । অন্য ভাৰতীয়সকলৰ স’তে কাবুল ত্যাগ কৰিলে আফগানিস্তানৰ এইজন ভাৰতীয়মূলৰ সাংসদে ।

সংবাদ মাধ্যমৰ আগত নৰিন্দৰে কয়, ‘ইয়াৰ পূৰ্বে কেতিয়াও আফগানিস্তানত এনে পৰিস্থিতি প্ৰত্যক্ষ কৰা নাছিলো । সকলো শেষ হৈ গ’ল । বিগত ২০ বছৰ ধৰি যি চৰকাৰ গঠন কৰা হৈছিল সেয়াও শেষ হ’ল । সকলো শূন্যত পৰিণত হ’ল ।’

Exit mobile version