আফগানত নতুন চৰকাৰ গঠনৰ অপেক্ষাত তালিবান

800

আফগানিস্তানে নতুন চৰকাৰ পাব বুলি তালিবানে ঘোষণা কৰিছে যদিও দেওবাৰে সন্ত্ৰাস গোষ্ঠী আৰু পঞ্জশিৰ প্ৰদেশৰ প্ৰতিৰোধী নেতাৰ মাজত হোৱা আলোচনা ভংগ হৈ যায় ।

আফগানিস্তানৰ প্ৰতিৰক্ষামন্ত্ৰী জেনেৰেল বিছমিল্লা মহম্মদীয়ে পঞ্জশিৰক ৰক্ষা কৰাৰ অংগীকাৰ কৰে । একমাত্ৰ প্ৰদেশ যি তালিবানৰ পৰা ৰক্ষা পাবলৈ সক্ষম হৈছিল আৰু যাৰ ফলত দেশখনত শাসন পৰিৱৰ্তন হৈছিল ।

জেনেৰেল বিছমিল্লা মহম্মদীয়ে ঘোষণা কৰে যে তেওঁ কাবুলৰ পৰা এশ কিলোমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত পঞ্জশিৰক ৰক্ষা কৰিব । জেনেৰেল মহম্মদীয়ে কয়, পঞ্জশিৰ উপত্যকাই তালিবান বাহিনীৰ বিৰোধিতা কৰি থাকিব আৰু যুদ্ধ অব্যাহত থাকিব ।

ইপিনে, কাবুলত পূৰ্ণোদ্যমত উচ্ছেদ কাৰ্য চলি আছিল । হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰৰ দায়িত্বত থকা মার্কিন সেনাসকলৰ স’তে, দেশসমূহে তেওঁলোকৰ নাগৰিকসকলক আফগানিস্তানৰ পৰা ওলিয়াই অনাত জলাকলা খাইছে ।

আফগানিস্তানৰ পৰা তিনিখন পৃথক বিমানত ইতিমধ্যে তিনিশ ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে ।

আফগানিস্তানত তালিবানৰ শাসন । শীৰ্ষ ১০টা উন্নয়ন :

১) তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে সংবাদ মাধ্যমৰ আগত কয় যে, শীঘ্ৰে নতুন আফগান চৰকাৰ ঘোষণা কৰা হ’ব । ত’ল’ নিউজৰ প্ৰতিবেদন অনুসৰি, কাবুলত মুল্লাহ বৰাদৰসহ জ্যেষ্ঠ তালিবান নেতাসকলৰ আগমনৰ পাছত নতুন চৰকাৰ গঠনৰ আলোচনা চলি আছে ।

২) ১৯৮০ৰ দশকৰ ছ’ভিয়েট বিৰোধী অন্যতম প্ৰধান নেতাৰ পুত্ৰ আহমদ মাছুদে কয় যে, তেওঁ পঞ্জশিৰ উপত্যকা তালিবানক হস্তান্তৰ নকৰে । মাছুদে আফগানিস্তানৰ ক্ষমতাচ্যুত প্রথম উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ ছালেহৰ স’তে তালিবান শাসন প্রতিৰোধৰ বাবে হাত মিলাইছে ।

৩) তালিবানে কয় যে, দেওবাৰে প্রতিৰোধী নেতাসকলৰ স’তে আলোচনা ভংগ হোৱাৰ পাছত শতাধিক যোদ্ধা পঞ্জশিৰ উপত্যকাৰ দিশে গতি কৰিছে । সংগঠনটোৱে আৰবীক টুইটাৰ একাউণ্টত কয়, ‘স্থানীয় ৰাজ্য কর্মকর্তাসকলে শান্তিপূৰ্ণভাৱে হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত ইছলামিক আমিৰেতৰ শ শ মুজাহিদিনে নিয়ন্ত্রণৰ বাবে পঞ্জশিৰ ৰাজ্যৰ দিশে আগবাঢ়িছে ।’

৪) ট’ল’ নিউজৰ প্ৰতিবেদন অনুসৰি, আফগান ৰাজনৈতিক নেতাসকলে আফগানসকলৰ আকাংক্ষা প্রতিফলন কৰিবৰ বাবে তালিবানক এটা অন্তর্ভুক্তিমূলক চৰকাৰ গঠন কৰিবলৈ আহ্বান জনাইছে । ৰাজনৈতিক নেতাসকলে হতাশা প্রকাশ কৰি কয় যে, তালিবানসকলে কিছু ৰাজনৈতিক নেতাসকলৰ স’তে আলোচনাত মিলিত হৈছে যদিও কোনো গুৰুতৰ আলোচনা নকৰে ।

৫) ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে কয়, তেওঁ আফগানিস্তানৰ পৰিস্থিতিক লৈ জৰুৰী আলোচনাৰ বাবে মঙংলবাৰে জি-৭ দেশসমূহৰ নেতাসকলৰ এখন বৈঠক আহ্বান কৰিব । তেওঁ কয়, “এইটো অতি গুৰুত্বপূর্ণ যে আন্তর্জাতিক সম্প্রদায় একেলগে কাম কৰে নিৰাপত্তা নিশ্চিত কৰিবলৈ, মানুহৰ সংকট ৰোধ কৰিবলৈ আৰু আফগান জনসাধাৰণক বিগত ২০ বছৰে লাভ সুবিধাসমূহ সুৰক্ষিত কৰাত সহায় করা ।” হোৱাইট হাউছৰ প্রেছ ছেক্রেটেৰী জেন ছাকিয়ে দেওবাৰে কয়, মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে আফগানিস্তান নীতি সম্পর্কে ঘনিষ্ঠ সমন্বয়ৰ বিষয়ত আলোচনা কৰিবলৈ ২৪ আগষ্টত জি-৭ দেশৰ অন্যান্য নেতাসকলৰ স’তে ভাৰ্চুৱেলী সাক্ষাৎ কৰিব ।

৬) তালিবানসকলৰ প্রত্যাৱর্তনৰ লগতে কাবুলত বোৰ্খা, হিজাব আৰু পাগুৰীৰ মূল্য বাঢ়িছে । পাঝৱক আফগান নিউজৰ এক প্রতিবেদন অনুসৰি, মূল্য বৃদ্ধিৰ পাছতো যোৱা সপ্তাহৰ পৰা হিজাব আৰু পাগুৰী অধিক বিক্রী হৈছে ।

৭) বাহৰেইনে জনাইছে, তালিবান দখলৰ এসপ্তাহ পাছত আমেৰিকাৰ নাগৰিকসকলক উদ্ধাৰ কৰিবৰ বাবে তেওঁলোকৰ ৰাষ্ট্ৰীয় বাহক ব্যৱহাৰ কৰিব ।

৮) মার্কিন বৈদেশিকমন্ত্রী এন্টনি ব্লিংকেনে কাবুল বিমানবন্দৰৰ পৰিস্থিতি “অবিশ্বাস্যভাবে অস্থিতিশীল” বুলি বর্ণনা কৰিছে । তেওঁ কয়, ‘বিমানবন্দৰৰ বাহিৰত ভিৰ জমা হৈ গৈছে । এইটো অতি অবিশ্বাস্য পৰিস্থিতি । আমি মানু্হৰ ক্ষত-বিক্ষত ছবি দেখিছো ।’

৯) মার্কিন প্রতিৰক্ষামন্ত্রী লয়েড অষ্টিনে কয় যে মার্কিন সামৰিক বাহিনীয়ে আমেৰিকান আৰু অন্যান্যসকলক আফগানিস্তানৰ পৰা কাবুল বিমানবন্দৰত আনিবৰ বাবে “সৃজনশীল উপায়” অৱলম্বন কৰিছে ।

১০) সংবাদ সংস্থা পিটিআইৰ অনুসৰি, পাকিস্তানে সাময়িকভাবে আফগানিস্তানত ফ্লাইট অপাৰেছন স্থগিত ৰাখিছে আৰু সম্প্ৰতি কাকো উদ্ধাৰ কৰা নাই ।

Exit mobile version