কলগাছিয়া ক’ভিড ভেকচিন কেন্দ্ৰত অৰাজকতা

ভেকচিনৰ নামত কুপন বিক্ৰী কৰি ধন সংগ্ৰহৰ অভিযোগ, দুষ্টচক্ৰক ধমক চিকিৎসালয়ৰ অধীক্ষকৰ

Screenshot 74

কলগাছিয়াত ক’ভিড-১৯ৰ ভেকচিনৰ কুপন চাহৰ দোকানত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ক’ভিড ভেকচিন কেন্দ্ৰত কৰ্মৰত শিক্ষক আনিছুুৰ ৰহমানক কুপন বিক্ৰীৰ অভিযোগত চিকিৎসালয়ৰ অধীক্ষকে ধমক দিয়াৰ লগতে এনে কুকাৰ্য্যৰ পৰা আঁতৰি থাকিবলৈ সঁকিয়াই দিয়ে।

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামচুল আলমে সাংবাদিকক জানিবলৈ দিয়ে যে, আনিছুুৰ ৰহমান নামৰ এজন শিক্ষকৰ নেতৃত্বত নিজৰ ইচ্ছাৰে কুপন বনাই চাহৰ দোকানত বিক্ৰী কৰিছি ।

কুপন বনোৱা কাৰ্য্যক ধিক্কাৰৰ লগতে এনে চক্ৰৰ বিৰুদ্ধে অধীক্ষকগৰাকীয়ে কলগাছিয়া আৰক্ষী থানাত অৱগত কৰিব বুলি সাংবাদিকক জনায় । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।

Exit mobile version