তালিবানে মানুহক অমানৱীয় ব্যৱহাৰ কৰে, তেওঁলোকক চৰকাৰ গঠনৰ স্বীকৃতি দিয়া উচিত নহয় : আৰিয়ানা ছয়েদ

207501 new 390

আফগানিস্তানৰ পৰা পলাই অহা আফগান পপ তাৰকা আৰিয়ানা ছয়েদে কয় যে, সন্ত্ৰাস গোষ্ঠীৰ চৰকাৰ গঠনৰ প্ৰস্তাৱক বিশ্ব‌ই স্বীকৃতি দিয়া উচিত নহয় । কাৰণ তেওঁলোকে মানুহৰ লগত বিশেষকৈ মহিলাৰ লগত অমানৱীয় ব্যৱহাৰ কৰে ।

শেহতীয়া এক সাক্ষাৎকাৰত পপ তাৰকাগৰাকীয়ে কয়, ‘২০ বছৰ আগতে আমি সন্মুখীন হোৱা তালিবান প্ৰকৃত মানৱেই নাছিল আৰু তেওঁলোকে মানুহৰ লগত বিশেষকৈ মহিলাৰ লগত মানৱীয় আচৰণ কৰা নাছিল ।’

তেওঁ লগতে কয়, ‘এইটো বিস্ময়কৰ যে ইমান কম সময়ৰ ভিতৰতে বিশ্ব‌ই আফগানিস্তানক তালিবানক এৰি দিছে । মহিলাসকলে তেওঁলোকৰ জীৱনক লৈ ভয় শংকাত আছে । আফগানিস্তানৰ সকলো মানুহ কাবুললৈ আহি গৈছে আৰু তেওঁলোকৰ আশ্ৰয় আৰু খাদ্য নাই ।’

তালিবানৰ সাম্প্ৰতিক বিবৃতিত শাসন সংস্কাৰৰ শৈলীৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত আৰিয়ানাই কয় যে, সন্ত্ৰাস গোষ্ঠীটোৱে কেৱল তেওঁলোকৰ চৰকাৰক বিশ্বব্যাপী স্বীকৃতি দিয়াৰ চেষ্টা কৰিছে ।

তালিবানৰ স’তে তেওঁৰ অগ্নিপৰীক্ষাৰ বৰ্ণনা দি আৰিয়ানাই কয় যে, বহু বছৰ ধৰি তেওঁ সন্ত্ৰাস গোষ্ঠীটোৰ লক্ষ্য হৈ আছে ।

আৰিয়ানাই সংবাদ মাধ্যমক আৰু কয়, ‘ম‌ই ১৬ আগষ্টত আমেৰিকান সেনাৰ সহায়ত কোনোমতে চি-১৭ বিমানত পলাবলৈ সক্ষম হ‌ওঁ আৰু সম্প্ৰতি ৱাশ্বিংটন ডিচিত আছো । কিন্তু মোৰ হৃদয়ে এতিয়াও কান্দে আফগানিস্তানৰ মানুহৰ বাবে ।’

আৰিয়ানাই জনায় যে, তেওঁ এটা টেলেণ্ট শ্ব’ত হ’ষ্ট কৰিবৰ বাবে বিগত আঠমাহ ধৰি আফগানিস্তানত আছিল । কাবুলত তেওঁ এখন ফেশ্বন ষ্টোৰো খুলিছিল ।

তেওঁ কয়, ‘১৪ আগষ্টত আফগানিস্তান এৰিবলৈ মোৰ বন্ধুবৰ্গৰ পৰা ফোন আহিবলৈ লয়, যিহেতু ম‌ই তালিবানৰ প্ৰত্যক্ষ লক্ষ্য আছিলো । মোৰ টি-শ্বাৰ্ট আৰু এযোৰ জিন্স আৰু নথি-পত্ৰৰ এটা সৰু বেগ লোৱাৰে সময় আছিল ।’

তেওঁ লগতে কয়, ‘বিমানবন্দৰত ম‌ই আৰু মোৰ বাগদত্তাই যেতিয়া বিমানৰ ভিতৰত সোমালো, তাত কণমানো ঠাই নাছিল । সকলোৱে ইজনে সিজনক থেলি আছিল । সেয়ে আমি বিমানৰ পৰা নামি পুনৰ টাৰ্মিনেললৈ গ’লো । তাত আমি খবৰ শুনিবলৈ পালো যে তালিবানসকল বিমানবন্দৰৰ বাহিৰত আছে আৰু কিছু মুহূৰ্ততে তেওঁলোক ভিতৰলৈ সোমাই আহিব ।’

বিপদশংকুল পৰিৱেশতে তেওঁলোকে বিমানবন্দৰৰ পৰা বাহিৰত অহাৰ সিদ্ধান্ত লয় আৰু তেওঁৰ বাগদত্তাৰ সম্পৰ্কীয়ৰ ঘৰত এটা নিশাৰ বাবে আশ্ৰয় লয় । পাছদিনা পুৱা তেওঁলোক পুনৰ বিমানবন্দৰলৈ ৰাওনা হয়, কাৰণ তেওঁলোকে খবৰ পায় যে তালিবানসকলে ঘৰে ঘৰে তালাচী চলাইছে ।

আৰিয়ানা ছয়েদে আফগানিস্তানৰ বৰ্তমান পৰিস্থিতিৰ বাবে পাকিস্তানক দোষাৰোপ কৰিছে । তেওঁ কয়, ‘তালিবান প্ৰকৃততে পাকিস্তানৰ । ম‌ই বিশ্বক এটা বাৰ্তা দিব বিচাৰো যে আফগানিস্তানৰ বৰ্তমান পৰিস্থিতি পাকিস্তানৰ বাবে হৈছে ।’

Exit mobile version