তালিবান দখলৰ পাছত আফগানিস্তানত ব্যাপক মূল্যবৃদ্ধি

3000

আফগানিস্তানৰ আশ্রফ ঘানিৰ চৰকাৰৰ পতন আৰু তালিবানৰ ক্ষমতা দখলৰ পাছত দেশখনৰ সাধাৰণ নাগৰিকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

জীৱনৰ নিৰাপত্তাক লৈ চিন্তিত হােৱা বহু আফগান নাগৰিকে সম্প্রতি দেশত্যাগ কৰিবলৈ সাজু হৈছে আৰু এই উদ্দেশ্যৰে সহস্রাধিক লােকে বিগত কে’বাদিন ধৰি কাবুল বিমানকোঠত বাহৰ পাতি আছে।

এনে সময়তে আফগানিস্তানত মূল্যবৃদ্ধিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিত্য ব্যৱহার্য সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ ফলত আফগান নাগৰিকসকলে সম্প্রতি জীৱন ধাৰণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে।

বিগত কে’বাদিন ধৰি দেশখনত বেংকিং সেৱা বন্ধ হৈ থকাত সমস্যাগ্রস্ত হৈছে সাধাৰণ নাগৰিক। তালিবানৰ দখলৰ পাছত ৰাজধানী কাবুলত খাদ্য দ্রব্যৰ মূল্য তিনি-চাৰিগুণ বৃদ্ধি পাইছে।

চৰকাৰী বিষয়া আৰু অন্যান্য ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলাে বিত্তীয় দিশত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বজাৰৰ ব্যাপক মূল্যবৃদ্ধি আৰু হাতত নগদ ধন নথকাৰ ফলত দেশবাসীয়ে নিত্য ব্যৱহার্য সা-সামগ্রী ক্ৰয় কৰিব পৰা নাই।

বিভিন্ন দেশৰ পৰা খাদ্য দ্রব্য আদি আফগানিস্তানলৈ আমদানি কৰাৰ প্রক্রিয়া বন্ধ থকাৰ ফলতাে সকলাে সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে।

Exit mobile version