বাগসাৰ শালবাৰীত উপস্থিত কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, ভিন্ন প্ৰান্তত বেঁকী নৈৰ খহনীয়া অঞ্চল পৰিদৰ্শন

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰে খহনীয়া ৰোধৰ ক্ষেত্ৰত টেলিফোনিক বাৰ্তালাপ মন্ত্ৰীগৰাকীৰ

WhatsApp Image 2021 08 23 at 7.03.19 PM

বাগসাৰ শালবাৰীত আজি উপস্থিত হয় ৰাজ্যিক কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷ শালবাৰীত উপস্থিত হৈয়ে মন্ত্ৰীগৰাকীয়ে বছৰ বছৰ ধৰি বেঁকী নৈয়ে ভয়াবহভাবে খহনীয়াৰ সৃষ্টি কৰি অহা গোৱৰ্ধনা, চুণবাৰী, কালপানী, খাগ্ৰাবাৰী, নেপালীবস্তি, খাৰিজা বিজনীৰ ওডালগুৰি আদি ভিন্ন ঠাই পৰিদৰ্শন কৰে ৷

খহনীয়া অঞ্চল পৰিদৰ্শন কৰি সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকালৈ ঘটনাস্থলীৰ পৰাই ফোনযোগে যোগাযোগ কৰি অচিৰেই বেঁকীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷ অঞ্চলকেইটাত শীঘ্ৰেই কে’বাগৰাকীও অভিযন্তাক নিয়োগ কৰি এই সমস্যা সমাধানৰ বাবে প্ৰকল্প হাতত লোৱাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

আজি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, ‘বেঁকী নৈৰ খহনীয়া এটা দীৰ্ঘদিনীয়া সমস্যা ৷ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যদি বৰ্দ্ধিত এক আঁচনি লোৱা নাযায় তেতিয়াহ’লে সৰু-সুৰা আঁচনিৰে বেঁকীৰ খহনীয়া ৰোধ কৰাটো কেতিয়াও সম্ভৱ নহ’ব ৷ আমি আজি ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লোৱাৰ লগতে ভিন্ন ঠাইত খহনীয়া পৰিদৰ্শন কৰি গম পালো চূণবাৰী ভিচিডিচিৰ অন্তৰ্গত এলেঙামাৰী এলপি স্কুলখন দুই এদিনৰ ভিতৰতে বেঁকীৰ বুকুত জাহ যাব ৷ তাৰ ওচৰতে থকা এটা মথাউৰিলৈও তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে ৷ কেনেবাকৈ মথাউৰিটো চিঙি গ’লে বেঁকীৰ পানী পল্লা নৈত পৰিব আৰু পল্লা নৈয়ে ২০০৪ আৰু ২০০৭ বৰ্ষৰ লেখীয়াকৈ ভিন্ন ঠাইত মাহযোৰা ভয়ংকৰ বানপানীৰ সৃষ্টি কৰিব ৷ ‘

তেওঁ লগতে কয় যে, আচাম কেবিনেট বুলি হোৱাটছএপত এটা গ্ৰুপ আছে তাতে বেঁকীৰ খহনীয়া আৰু ৰাইজৰ দুৰ্দশাৰ বিষয়ে ভিডিঅ’সহ আজিয়ে এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে আৰু বাৰ্তাটো প্ৰত্যক্ষ কৰিয়েই প্ৰিন্সিপাল/ছেক্ৰেটেৰীৰ লগতে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীয়ে বিষয়টোত তাৎক্ষণিক গুৰুত্ব আৰোপ কৰিছে ৷

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ স’তে হোৱা টেলিফোনিক বাৰ্তালাপত জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজিৰ ভিতৰতেই বৰপেটা নলবাৰীৰ পৰা কে’বাজনো অভিযন্তাক আনি বেঁকীৰ খহনীয়া ৰোধৰ লগতে খহনীয়াৰ কবলত পৰা সমীপৱৰ্তী গাঁওসমূহক বচাবলৈ কাম আৰম্ভ কৰিব ৷

কিছুদিন পূৰ্বে যোগানমন্ত্ৰী তথা প্ৰাক্তন বিধায়ক ৰঞ্জিত কুমাৰ দাসেও বেঁকীৰ খহনীয়া পৰিদৰ্শন কৰি গোৱৰ্ধনাত অস্থায়ীভাৱে হ’লেও খহনীয়া প্ৰতিৰোধৰ কামৰ আৰম্ভ কৰিছিল ৷ উল্লেখ্য যে অঞ্চলকেইটাত বেঁকী নৈৰ খহনীয়াই প্ৰতি বছৰে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰি জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷

Exit mobile version