অসম বিধানসভাৰ উপ নিৰ্বাচনৰ বাবে ব্যপক প্ৰস্তুতি আৰম্ভ কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াই । সাংসদ নৱ কুমাৰ শৰনীয়াই ইতিমধ্যে গোসাইগাও সমষ্টিটো নিজৰ দখলত আনিবলৈ সঘনাই পৰিভ্ৰমণ কৰি আছে ।
কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনস্থ তামোলপুৰ, ভবানীপুৰ আৰু গোসাইগাঁও সমষ্টিতো এইবেলি উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব জিএছপি দলে । জিএছপি দলৰ লগত বিটিচি পৰিষদৰ মিত্ৰতা আছে, অসম বিধানসভাত আমাৰ কোনো মিত্ৰতা নাই বুলিও প্ৰকাশ কৰে নৱ কুমাৰ শৰনীয়াই । সেইবাবে সমাগত অসম বিধানসভাৰ উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও কয় সাংসদজনে ।
এক সাক্ষাৎকাৰত সাংসদ নৱ কুমাৰ শৰনীয়াই কয় যে অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিবৰ বাবে আমাক বিধায়কৰ প্ৰয়োজন আছে সেয়ে আমি জিএছপি দলে উপ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু জয়ী কৰাটো ৰাইজৰ দায়িত্ব । আমাক ৰাইজে বিপুল সমৰ্থন জনাইছে বুলিও উল্লেখ কৰে । লগতে সাংসদজনে অভিযোগ কৰে যে বিগত বিধানসভা নিৰ্বাচনত ৰাজনৈতিকভাবে ব্লেকমেইলিং কৰা হৈছে সেয়ে জয়ী হ’ব পৰা নাই ।