বিপিএফৰ শাসন কালত বিটিচিত ভিচিডিচি পৰ্যায়ত ব্যপক দুর্নীতি হৈছিল এই বক্তব্য ই এম অৰূপ কুমাৰ দেৰ

বিটিচিৰ সাত নং ফকিৰাগ্ৰাম অজনজাতি সমষ্টিৰ বিজেপি দলৰ এমচিএলএ তথা বিচিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিপিএফ শাসন কালত ভিচিডিচি পৰ্যায়ত ব্যপক দুর্নীতি হোৱাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে।

ADVERTISEMENT

এক সাক্ষাৎকাৰত ই এম অৰূপ কুমাৰ দেই কয় যে বিপিএফ দলে যেতিয়া বিটিচিত শাসন কৰিছিল ভিচিডিচিৰ চেয়াৰমেন, সদস্য বাচনিৰ ক্ষেত্রতো উৎকোচ লৈ হে বাচনি কৰিছিল।

কিন্তু মই বিজেপি দলৰ ফালৰ পৰা নিৰ্বাচিত হোৱাৰ পাছত এইসমূহ সকলোবোৰ বন্ধ হৈ গৈছে। ইউপিপিএল, বিজেপি, জিএছপি দলৰ মিত্রজোটৰ চৰকাৰখনে দূৰ্নীতি, ভ্ৰষ্টাচাৰ ৰোধ কৰিবলৈ অহৰহ প্ৰচেষ্টা হাতত ৰাখিছে।

সেইবাবে এইবেলি ভিচিডিচিৰ চেয়াৰমেন আৰু সদস্য বাচনিৰ ক্ষেত্রতো কোনো ধৰনৰ উৎকোচ লেনদেন হোৱা নাই আৰু ভৱিষ্যতো নহব।

যদি কোনোবা ভিচিডিচিৰ চেয়াৰমেন অথবা সদস্যই দূৰ্নীতিত লিপ্ত হোৱাৰ খবৰ পোৱা যায় তেনেসকলোক চেয়াৰমেন/সদস্য পদৰ পৰা খাৰিজ কৰি নতুন লোকক নিযুক্তি দিয়া হব।

Exit mobile version