শীতল পানীয় পানে হ্রাস কৰে আয়ুস, শুকান ফল খালে বৃদ্ধি পায় জীৱনকাল

dry fruits milkshake recipe06

আপােনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে আপুনি গ্ৰহণ কৰা খাদ্য জীৱনশৈলীত নিৰ্ভৰ কৰে। মিচিগান ইউনিভাৰচিটীৰ গৱেষকে চলােৱা এক শেহতীয়া এটি অধ্যয়নত লাভ কৰা তথ্য অনুসৰি খাদ্যৰ তালিকাত সামান্য পৰিৱর্তন সাধনৰ জৰিয়তে এজন ব্যক্তিয়ে স্বাস্থ্যবান আৰু দীর্ঘজীৱন লাভ কৰিব পাৰে। এই অধ্যয়নৰ সবিশেষ তথ্য ‘নেচাৰ ফুড’ পত্রিকা প্রকাশ পাইছে।

এই অধ্যয়নত গৱেষকসকলে এনে কেতবােৰ খাদ্যৰ কথা উল্লেখ কৰিছে যিসমূহ খাদ্য গ্রহণৰ জৰিয়তে শৰীৰত বয়স বৃদ্ধিৰ প্ৰভাৱ সীমিত কৰিব পাৰি আৰু জীৱন কাল দীঘলীয়া কৰিব পাৰি। মার্কিন স্বাস্থ্য গৱেষকৰ অধ্যয়নত উল্লেখ কৰা মতে, সংসাধিত মাংস আৰু চেনিযুক্ত পানীয় হৈছে মানৱ স্বাস্থ্যৰ বাবে সবাতােকৈ অধিক ক্ষতিকাৰক।

মিচিগান ইউনিভাৰচিটীৰ গৱেষকে কয় যে ‘হট ডগ’ এটা খােৱাৰ ফলত এজন ব্যক্তিৰ ৩৬ মিনিট আয়ুস হ্রাস পাব পাৰে। ইয়াৰ পৰিৱর্তে বিভিন্ন বাদামজাতীয় শুকান ফল খালে আয়ুস ২৬ মিনিটলৈকে বৃদ্ধি পােৱাৰ সম্ভাৱনা থাকে। একেদৰে কেন বা বটলত উপলব্ধ ছ’ডা জাতীয় শীতল পানীয় পানৰ ফলত এজন ব্যক্তিৰ জীৱন কাল ১২ মিনিটতকৈ হ্রাস পায়। ইয়াৰ পৰিৱর্তে কোনাে ব্যক্তিয়ে বাদামৰ পৰা তৈয়াৰ কৰা বাটাৰ, জেলি চেণ্ডুইজ খালে জীৱন কাল ৩৩ মিনিটলৈকে বৃদ্ধি পাব পাৰে বুলি অধ্যয়নটো চলােৱা মার্কিন গৱেষকে দাবী কৰিছে।

Exit mobile version