সংকোষ নদীৰ কৱলত এক নম্বৰ গৰু মৰাৰ চৰ : নদীৰ বুকুত বিলীন ভেটি মাটি

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা তথা বিটিচিৰ তিনি নং শ্ৰীৰামপুৰ সমষ্টিৰ অসম-বংগ সীমান্তৱৰ্তী অঞ্চলে দি বৈ যোৱা সোণকোষ নদীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

নদীৰ বুকুত বিলীন হৈছে গোসাঁইগাঁও ৰাজহ চক্ৰৰ এক নম্বৰ গৰুমৰা চৰৰ প্ৰায় ৪০ টা পৰিয়াল ভেটি মাটিৰ লগতে শ শ বিঘা খেতি মাটি।

ইতিমধ্যে নদীয়ে উক্ত পৰিয়াল কেইটাৰ ভেটি মাটিৰ লগতে খেতি মাটি খহাই নিয়াত এক আতংকৰ সৃষ্টি হৈছে। নদীৰ ভয়ংকৰ ৰূপ দেখি বহুতো পৰিয়াল ঘৰ দুৱাৰ ভাঙি নিৰাপদ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে।

ঘৰ দুৱাৰ ভাঙি নিজৰ মৰমৰ ভেটি মাটি এৰি আঁতৰি গৈছে গাঁওবাসী ।নদীয়ে গাঁওখনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে যদিও কোনো এজন জনপ্ৰতিনিধিয়ে আজি লৈ এইসকল ক্ষতিগ্ৰস্হ লোক সকলৰ বুজ লোৱা নাছিল।

উক্ত অঞ্চলেৰ ৰাইজৰ দুখদুৰ্দশাৰ বুজ লবলৈ শ্ৰীৰামপুৰ সমষ্টিৰ এম চি এল এ সজল কুমাৰ সিংহ নাৱেৰে উক্ত অঞ্চল ভ্ৰমন কৰি অৱস্হাৰ বুজ লোৱাৰ উপৰি খহনীয়াত সর্বসান্ত হোৱা পৰিয়াল সমূহৰ লগত মতবিনিময় কৰাৰ লগতে আঁঠুৱা, ছাতি দিয়াৰ লগতে আৰ্থিক সহায় আগবঢ়ায়।নৈৰ খহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজক পুনৰ সংস্হাপনৰ বাবেও তেও যথাসাধ্য চেষ্টা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

Exit mobile version