স্বাধীনতাৰ ৭৫ বছৰ পাছতো বিদ্যুৎৰ লগতে যাতায়তৰ বাবে ৰাস্তাৰ পৰাও বঞ্চিত উত্তৰ শংকৰপাৰা গাঁও

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম বিদ্যুৎ সংমণ্ডলৰ অধিন উত্তৰ শংকৰপাৰা গাঁওত ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ পাছতো আজিলৈকে বিদ্যুৎ সংযোগ নোহোৱাত কেৰাচিনৰ চাকিৰে দিন কটাবলগীয়া হৈছে গাওবাসীয়ে ।

গাঁওখনত যাতায়তৰ বাবে নাই ভাল ৰাস্তা ।আজিও গাঁওখনৰ ২০-২৫ ঘৰ লোক বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত । সেইবাবে গাঁওবাসীয়ে বিদ্যুৎবিভাগৰ লগতে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়কৰ লগতো যোগাযোগ কৰিছে গাঁওখনত বিদ্যুৎ সংযোগ আৰু ৰাস্তা নিৰ্মানৰ বাবে।

কিন্তু আজিলৈকে কোনোধৰনৰ সুফল লাভ কৰা নাই গাঁওবাসীয়ে। গাঁওখনত অলপ দিনৰ ভিতৰতে বিদ্যুৎ সংযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে গাওঁখনৰ ৰাস্তাও নিৰ্মান কৰিবলৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰ খনক দাবী জনাইছে গাঁওবাসীয়ে ।

Exit mobile version