জয়পুৰত উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ কোকৰাঝাৰ শাখাৰ উদ্দ্যোগত চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

WhatsApp Image 2021 08 25 at 8.12.24 PM

গোসাইগাঁও অঞ্চলৰ চাকৰি প্ৰত্যাশিতসকলৰ বাবে ভাল খবৰ। মহকুমাটোৰ তুলসীবিলস্থিত জয়পুৰ প্ৰাথমিক বিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ কোকৰাঝাৰ শাখাৰ উদ্যোগত চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। উক্ত প্ৰশিক্ষণ শিবিৰৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উত্তৰ-পূৱ অসম ধৰ্ম জাগৰণ প্ৰমূখ যোগেশ শাস্ত্ৰীয়ে।

এই শিবিৰত চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলে বিনামূলীয়াভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব । আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উত্তৰ-পূৱ অসম ধৰ্ম জাগৰণ প্ৰমূখ যোগেশ শাস্ত্ৰী উপস্থিত থাকি চৰকাৰী চাকৰি পোৱাৰ সন্দৰ্ভত প্ৰশিক্ষাৰ্থীসকলক দিহা পৰামৰ্শ দি ভাষন আগৱঢ়ায় ।

উক্ত অনুষ্ঠানত যোগেশ শাস্ত্ৰীৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাওৰাগুৰী খণ্ড কাৰ্যবাহক বিষ্ণু দাস, কোকৰাঝাৰ জিলা মুখ্য মাৰ্গ প্ৰমূখ প্ৰদীপ বৰ্মন, জিলা সদভাৱন প্ৰমূখ ৰাধাপদ্ম মহন্ত, আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি দীপেন ৰায়ৰ লগতে কে’বাজনো স্থানীয় বিশিষ্ট ব্যক্তি আৰু প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে।

Exit mobile version