বলিউডত নতুন জুতি, বিক্ৰান্ত -ছাৰা, অক্টোবৰত আৰম্ভ হ’ব দৃশ্যগ্ৰহণ

bhoot police release date september 17

ছেইফ আলী খানৰ আহিবলগীয়া ছবি ভূত পুলিচৰ দৃশ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে ।এই ছবিখন পৰিচালনা কৰিছে পৱন কৃপলানীয়ে ।ইতিমধ্যে ‘ভূত পুলিচ’ৰ দৃশ্যগ্ৰহণ সময়ত নিজৰ আহিবলগীয়া ছবি চিত্ৰনাট্য তৈয়াৰ কৰিছে পৰিচালকজনে ।

লগতে তেওঁ অভিনেতা অভিনেত্ৰীকো বাছনি কৰিছে।তথ্য অনুসৰি তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰখনত বিক্ৰান্ত মেছী আৰু ছাৰা আলী খানে অভিনয় কৰিব ।

২০১৮ চনত বলিউডত আত্মপ্ৰকাশ কৰিছিলে অভিনেত্ৰী ছাৰা আলী খানে ,আনফালে অভিনয়ৰ জগতত বহু দিনৰ পৰা ভাগ্য পৰীক্ষা কৰি আছে বিক্ৰান্তই ।

বিক্ৰান্তে মিৰ্জাপুৰ, ক্ৰিমিনেল জাষ্টিছ আৰু ছপাক, হাছিন দিলৰুবাৰ দৰে ৱেব ছিৰিজত অভিনয় কৰি দৰ্শকৰ মনত স্থান দখল কৰিছে।

তথ্য অনুসৰি নতুন চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ অক্টোবৰত আৰম্ভ হ’ব। বিক্ৰান্ত আৰু ছাৰাৰ চলচ্চিত্ৰ নিৰ্বাচন আৰু অভিনয়শৈলী সম্পূৰ্ণ বেলেগ। অনুৰাগীসকলে দুয়োজন অভিনেতাৰ মাজৰ ৰসায়ন পৰ্দাত কিমান প্ৰতিফলিত হয় চাবলৈ অপেক্ষা কৰি আছে। পৰিচালকজনে যদিও এই মুহূৰ্তত ছবিখনৰ বিষয়বস্তুৰ ওপৰত মন্তব্য দিব নিবিচাৰিছিল।

Exit mobile version