বার্মিংহামত আশা ভোঁচলেৰ ৰেস্তোৰাঁত চিকেন টিক্কাৰ সােৱাদ ল’লে হলিউড তাৰকা টম ক্রুজে

hgghghg 61247f6fc6d7c

যােৱা সপ্তাহত হঠাতে ইংলণ্ডৰ বার্মিংহামত থকা এখন ভাৰতীয় ৰেস্তোৰাত প্ৰৱেশ কৰিলে হলিউডৰ খ্যাতনামা অভিনেতা টম ক্রুজে। এই ৰেস্তোৰাত অভিনেতাজনে অর্ডাৰ দিলে জনপ্রিয় ভাৰতীয় ব্যঞ্জন‘ চিকেন টিক্কা মচলা’ৰ।

এই ভাৰতীয় ব্যঞ্জনৰ সােৱাদ লৈ টমে ইমানে ভাল পালে যে তেওঁ দুই প্লেট চিকেন টিক্কা খালে। উল্লেখ্য যে বার্মিংহামত থকা ‘আশাজ’ নামৰ ৰেস্তোৰখনৰ স্বত্বাধিকাৰী হৈছে জনপ্ৰিয় ভাৰতীয় সংগীত শিল্পী আশা ভোঁচলে।

যােৱা শনিবাৰে নিশা প্রায় দুঘন্টা সময় টমে এই ৰেস্তোৰাঁখনত অতিবাহিত কৰিছিল। বার্মিংহামত ‘মিছন ইম্প’ছিবল : ৭’ৰ দৃশ্যগ্ৰহণত ব্যস্ত থকাৰ মাজতে টমে এইদৰে আশাৰ মালিকানাধীন ৰেস্তোৰখনত ভাৰতীয় ব্যঞ্জনৰ সােৱাদ লৈছিল।

হলিউড তাৰকাৰ আশাজলৈ আগমনৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আশাই কয়, ‘শুনি সুখী হ’লাে যে টম ক্রুজে ‘আশাজ’ৰ খাদ্য গ্রহণ কৰি তৃপ্ত হ’ল। আশা কৰাে, পুনৰ শীঘ্ৰে তেওঁ আমাৰ ৰেস্তোৰালৈ আহিব।

Exit mobile version