বিমানকোঠত ছলমানক নিৰাপত্তাজনিত কাৰণত বাধা দিয়া জোৱান বিপদত

Salman Khan CISF 1629442819703 1629859061345

অলপতে বলিউডৰ মহাতাৰকা অভিনেতা ছলমান খানক মুম্বাই আন্তর্জাতিক বিমানকোঠত চি আই এছ এফৰ এজন জোৱানে নিৰাপত্তা জনিতকাৰণত বাধা দিছিল।

প্রকাশিত বাতৰি অনুসৰি ‘টাইগাৰ-৩’ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে ৰাছিয়ালৈ যাবলৈ বিমানকোঠত উপস্থিত হােৱাৰ সময়ত ছলমানে নিৰাপত্তা বিধি সঠিকভাৱে পালন নকৰাকৈ আগবাঢ়ি যােৱাৰ সময়তে বিমানকোঠৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফৰ এজন এ এছ আইয়ে ছলমানক বাধা দিছিল।

সােমনাথ মােহান্তি নামৰ উক্ত এ এছ আইজনে ছলমানক উদ্দেশ্যি কৈছিল যে আপুনি বিমানকোঠৰ নিয়ম পালন কৰিব লাগিব। এই ঘটনাৰ পাছতে সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মােহান্তিক ভূয়সী প্রশংসা কৰিছিল।

কিন্তু নিষ্ঠাৰে কৰ্তব্য পালন কৰিবলৈ গৈ বিভাগীয় বাধাৰ সন্মুখীন হ’ল চি আই এছ এফৰ এইজ বিষয়া। নিজৰ বিভাগৰ জেৰাৰ সন্মুখীন হ’ব লাগিব পাৰে মােহান্তি। ইতিমধ্যে মােহান্তিৰ ম’বাইল ফোন বাজেয়াপ্ত কৰা হৈছে।

সংবাদ মাধ্যমৰ স’তে যাতে মােহান্তিয়ে যােগাযােগ কৰিব নােৱাৰে তাৰ বাবে বিভাগীয় কর্তৃপক্ষই তেওঁৰ ম’বাইল বাজেয়াপ্ত কৰা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

Exit mobile version