বিশিষ্ট ক্ৰীড়া সংগঠক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক অভিনন্দন মন্ত্ৰী অতুল বৰাৰ

E6lDauiVcAQGz8b

টকিঅ’ অলিম্পিকৰ ভাৰতীয় দলৰ চীফ দ্য মিছন, ভাৰতীয় অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপসভাপতি, দেশৰ বিশিষ্ট ক্ৰীড়া সংগঠক, অসম গণ পৰিষদ দলৰ ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক আজি দলৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয় ।

চীফ দ্য মিছনৰ দায়িত্বৰে টকিঅ’ অলিম্পিকত বিশ্বৰ বুকুত ভাৰতবৰ্ষক উজ্বলাই তোলা বৈশ্যক অভিনন্দন জনায় অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই । অনুষ্ঠানত দলৰ কে’বাগৰাকী বিধায়ক প্ৰমুখ্যে উপসভাপতি, সাধাৰণ সম্পাদক, মুখপাত্ৰ, ভাতৃ সংগঠনৰ বিষয়ববীয়া তথা অন্যান্য জ্যেষ্ঠ নেতা উপস্থিত থাকে ।

Exit mobile version