হাউলীত চণ্ডী বৰুৱা ষ্টেডিয়াম কমপ্লেক্সৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন জিলা উপায়ুক্তৰ

WhatsApp Image 2021 08 25 at 8.12.36 PM

আজি আবেলি বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে হাউলীত নিৰ্মিয়মান অৱস্থাত থকা চণ্ডী বৰুৱা ষ্টেডিয়াম কমপ্লেক্সৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। হাউলী ক্ৰীড়া সন্থাৰ প্ৰতিনিধি দলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত জিলা উপায়ুক্ত ভূষালে ক্ৰীড়া প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে ।

উল্লেখ্য যে, ২০০৯তে নামনি অসমত প্ৰথমখন ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধন আবন্টন দিছিল । সেই অনুসৰি ২০০৯ৰ পৰা আৰম্ভ হৈছিল ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্য । কিন্তু আজি ১১ বছৰ পাছতো ক্ৰীড়া প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ নুঠিল । প্ৰায় দুই কোটি ৯০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণৰ পৰিকল্পনা আৰম্ভ কৰা প্ৰকল্পটোৰ কিছু শতাংশ হে কাম সম্পূৰ্ণ হ’ল । সেয়ে ষ্টেডিয়ামৰ কামৰ নিৰ্মাণ কাৰ্যৰ বুজ ল’বলৈ আজি উপস্থিত হ’ল বৰপেটা জিলা উপায়ুক্ত ।

কিহৰ বাবে কাম সম্পন্ন নহ’ল তাৰ বাবে সচেতন ৰাইজৰ স’তে মত বিনিময় কৰে লগতে বিভাগীয় ঠিকাদাৰৰ অনাদায় বিল সমূহ সোনকালে মোকোলাই দিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে লগতে নামনি অসমৰ ক্ৰীড়া প্ৰকল্পটো সোনকালে ক্ৰীড়া প্ৰেমী ব্যক্তিৰ বাবে মুকলি কৰি দিব বুলি উপায়ুক্তগৰাকীয়ে আশ্বাস দিয়ে । তদুপৰি ক্ৰীড়া প্ৰকল্পৰ গাতে লাগি থকা আটকধুনীয়া শ্মশানঘাট পৰিদৰ্শন কৰি ৰাইজৰ সুবিধা-অসুবিধাৰ কথা বুজ লয় ।

শ্মশানৰ কাষতে থকা হৰিজন কলনীৰ লোকসকলৰ সতেও উপায়ুক্তগৰাকীয়ে মত বিনিময় কৰি হৰিজন সকলৰ বাবে এটা আবাসিক কমপ্লেক্স নিৰ্মানৰ চিন্তা কৰাৰ কথা উল্লেখ কৰে । উপায়ুক্তৰ পৰিদৰ্শন কালত সংগ দিয়ে হাউলী পৌৰ সভাৰ কাৰ্যবাহী বিষয়া নিমাশ্ৰী ডাউকাই ।

কাৰ্যবাহী বিষয়াগৰাকীৰ উপস্থিতিত জিলা উপায়ুক্তই হাউলী পৌৰ সভাৰ অন্তৰ্গত হৰিজন বসতি এলেকাৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীকসকলক ঘৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Exit mobile version