মহাকাশচাৰীৰে পুনৰ চন্দ্ৰৰ বুকুত নামিবলৈ তিনি বছৰো নালাগিবঃ এলন মাস্ক

download 2

২০২৪ৰ নিৰ্ধাৰিত সময়সীমাৰ আগতেই চন্দ্ৰত অবতৰণ কৰিব পাৰে, চাৰি দশকৰ পাছত পুনৰ মহাকাশচাৰীৰে নাছাৰ চন্দ্ৰাভিযান ‘আৰ্টেমিছ’ৰ লেণ্ডাৰৰ । আমেৰিকাৰ ধনকুবেৰ স্পেছ এক্স সংস্থাৰ কৰ্ণধাৰ আৰু চিফ এগজিকিউটিভ অফিচাৰ এলন মাস্কে মঙলবাৰে এই কথা জনায় । ‘আৰ্টেমিছ’ অভিযানত লেণ্ডাৰ বনাবৰ বাবে নাছাৰ পৰা সাহায্য লাভ কৰিছে মাস্কৰ স্পেছ-এক্সে ।

মহাকাশচাৰীৰে পুনৰ চন্দ্ৰ অভিযানৰ বাবে যোৱা এপ্ৰিলতে স্পেছ-এক্সৰ ‘ষ্টাৰশ্বিপ’ লেণ্ডাৰক নিৰ্বাচন কৰিছিল নাছাই । কিন্তু এই বিষয়ত প্ৰতিদ্বন্দীসকলৰ আপত্তিত স্পেছ-এক্সৰ স’তে এতিয়াও কোনো নিশ্চিত চুক্তি স্বাক্ষৰ কৰিব পৰা নাই নাছাই ।

প্ৰতিদ্বন্দীসকলৰ ভিতৰত আছিল জেফ বেজছৰ সংস্থা ‘ব্লু অৰিজিন’এ প্ৰস্তুত কৰা এটা লেণ্ডাৰ । ‘ডাইনেটিক্স’ নামে আন এটি সংস্থাই প্ৰস্তুত কৰা লেণ্ডাৰো আছিল । তেওঁলোকৰ আপত্তিৰ কাৰণ, কিয় তেওঁলোকৰ লেণ্ডাৰৰ পৰিৱৰ্তে নাছাই স্পেছ-এক্সৰ ষ্টাৰশ্বিপক আৰ্টেমিছ অভিযানৰ লেণ্ডাৰ হিচাপে বাচি ল’লে, নাছাৰ তৰফৰ পৰা স্পষ্টভাৱে জনোৱা হোৱা নাই ।

সেয়ে ২০২৪ত নিৰ্ধাৰিত সময়ত নাছাই পুনৰ মহাকাশচাৰী লৈ চন্দ্ৰত আৰ্টেমিছ অভিযান কৰিব পাৰিব নে নাই তাক লৈ গভীৰ সংশয় দেখা দিছে বিজ্ঞানীমহলত ।

মঙলবাৰে এটা টুইট কৰি এই সংশয় দূৰ কৰিব বিচাৰিছে স্পেছ-এক্সৰ কৰ্ণধাৰে । এলনে টুইটত লিখিছে, ‘নিৰ্ধাৰিত সময়ৰ আগতেই সম্ভৱতঃ ষ্টাৰশ্বিপ চন্দ্ৰৰ বুকুত নামিব ।’

লেণ্ডাৰ তৈয়াৰ কৰিবৰ বাবে নাছাৰ তৰফৰ পৰা ইতিমধ্যে ৩০ কোটি ডলাৰ দিয়া হৈছে বুলিও স্পেছ-এক্সৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হৈছে ।

Exit mobile version