মুম্বাইৰ মেয়ৰৰ পদপ্রার্থী হিচাপে মিলিন্দ-ছনুৰ নাম প্ৰস্তাৱ কংগ্রেছৰ

Untitled design 2021 08 24T023056.270

দেশৰ যুৱ প্ৰজন্মৰ মাজত সক্রিয় জীৱনশৈলীৰে বিশেষ জনপ্রিয়তা অর্জন কৰা দুই বলিউড তাৰকা ছনু সুদ আৰু মিলিন্দ ঘুমনক ৰাজনীতিলৈ প্রক্ষেপ কৰিব বিচাৰিছে কংগ্ৰেছ নেতৃত্বই।

অহা বছৰত বৃহনমুম্বাই পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত হ’ব। বিজেপি, শিৱসেনা, কংগ্ৰেছ, এন চি পি আদি দলে ইতিমধ্যে এই নির্বাচন প্রস্তুতি আৰম্ভ কৰিছে।

এনে সময়তে কংগ্ৰেছে দাবী জনাই ক’লে যে বর্তমান জনপ্রিয় অভিনেতা মিলিন্দ ছুমন, ৰীতেশ দেশমুখ, ছনু সুদক মুম্বাইৰ মেয়ৰ পদপ্রার্থী হিচাপে প্রক্ষেপ কৰা উচিত।

কংগ্ৰেছৰ এই দাবীৰ পাছতে মহাৰাষ্ট্ৰত এই তিনি অভিনেতাৰ ৰাজনীতিত প্ৰৱেশক লৈ জল্পনা-কল্পনা চলিছে। উল্লেখ্য যে ৰীতেশৰ পিতৃ বিলাসৰাও দেশমুখ মহাৰাষ্ট্রৰ প্ৰাক্তন মুখ্যমন্ত্রী আছিল।

ৰীতেশৰ দুই ভ্রাতৃ কংগ্ৰেছৰ বিধায়ক। অৱশ্যে বর্তমানলৈকে ৰীতেশে ৰাজনীতিত ভৰি দিয়া নাই।

Exit mobile version